ভাৰতবর্ষত প্ৰত্যক ঘৰ লোকে বিশুদ্ধ খোৱা পানী খাব পৰাকৈ ২০১৯ চনৰ ১৫ আগষ্টত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ উদ্বোধন কৰা জল জীৱন মিছন বৰ্তমান সমগ্ৰ ৰাজ্যত ইয়াৰ আদৰ আৰু গুৰুত্ব ক্ৰমান্নয়ে বাঢ়ি যোৱা পৰিলক্ষিত হৈছে। সেই অনুসাৰে আজি ওদালগুৰি জিলাৰ কলাইগাওঁ থানাৰ অন্তৰ্গত ১৯৮৫ চনতে স্থাপিত হোৱা টংলা সংমণ্ডল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ ভোকালীকান্দা পাইপ পানী যোগান আঁচনিটিত নতুন অভিলাক্ষী আঁচনি জল জীৱন মিছনৰ শুভাৰম্ভ কৰে বি টি আৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যকৰী সদস্য দিগন্ত বৰুৱাই। উক্ত জল জীৱন মিছন আঁচনিটি শুভ উদ্বোধন কৰি দিগন্ত বৰুৱাই কয় যে ৰাইজৰ সুবিধাৰ্থে পুনৰ জল জীৱন মিছনৰ জৰিয়তে ভোকালীকান্দা পাইপ পানী যোগান আঁচনিটি উৎজীৱিত কৰা হল, যাতে প্ৰত্যেক ঘৰৰ মানুহে বিশুদ্ধ খোৱা পানী সেৱন কৰি সুস্থ জীৱন যাপন কৰিবলৈ সক্ষম হয়। উক্ত আঁচনিটি সঠিক ভাবে পৰিচালনাৰ বাবে এখন সক্ৰিয় পৰিচালনা সমিতি গঠন কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায়।

