ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানা এলেকাৰ ওৰাং খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত গেলাবিলত জন্মদিনৰ প্ৰসাদ খাই ৩৪ জনকৈ লোক অসুস্থ হৈ পৰাত অঞ্চলটোত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে । জানিব পৰা মতে ২৯আগষ্টত সন্ধিয়া পশ্চিম গেলাবিল গাওঁৰ বিচিত্ৰ তালুকদাৰ নামৰ লোক জনৰ পুতেকৰ জন্মদিন আছিল ।সেই উপলক্ষে তালুকদাৰে ওচৰ চুবুৰীয়া সকলক নিমন্ত্ৰণ জনাই চাহ আৰু মা প্ৰসাদ খোৱাই জন্মদিন পালন কৰিছিল । কিন্তু জন্মদিনত মা প্ৰসাদ খোৱা সকলো লোকৰে নিশা পেটৰ বিষ, বমি আৰু পাইখানা হবলৈ আৰাম্ভ কৰে। লগে লগে পিছদিনা পুৱাই প্ৰসাদ খাই অসুস্থ হোৱা লোক সকলক ওৰাং খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় । যদিও মঙলবাৰে আন কেইবাগৰাকী লোক পুনৰ গুৰুত্বৰ ভাবে অসুস্থ হৈ ওৰাং খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে গুৰুত্বৰ ভাবে অচেতন হৈ পৰা কৃষ্ণ উপ্যাধায় ,(৩৮ ) গংগা দেবী (৬৫) পুনম দেবী (৩০) আনন্তি উপাধ্যায় (৮) ক যোৱা কালিয়েই চিকিৎসকে ওৰাঙৰ স্বাস্থ্য কেন্দ্ৰৰ পৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰা বুলি জানিব পৰা গৈছে ।আনহাতে পুতেকৰ জন্মদিন আয়োজন কৰা বিচিত্ৰ তালুকদাৰৰ পৰিয়ালটো মা প্ৰসাদত খাই গুৰুত্বৰ ভাবে অসুস্থ হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে ।

