গুৱাহাটীত দিনদুপৰতে চাঞ্চল্যকৰ হত্যাকাণ্ড৷ এগৰাকী ১৪ বছৰীয়া কিশোৰীক নিৰ্মমভাৱে হত্যা৷ প্ৰেচাৰ কুকাৰ আৰু পতাগুটিৰে নৃশংসভাৱে হত্যা কিশোৰীগৰাকীক। খাৰঘূলিত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো৷ঘৰৰ ভিতৰতে উদ্ধাৰ কিশোৰীগৰাকীৰ মৃতদেহ। কিশোৰীগৰাকীৰ নাম দিম্পল কুমাপতি। পিতৃ-মাতৃ দোকানলৈ ওলাই যোৱাৰ পাছতেই কোনো লোকে এই হত্যাকাণ্ড সংঘটিত কৰে৷ কিশোৰীগৰাকী এঞ্জেল অব গড হাইস্কুলৰ ছাত্ৰী আছিল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷

