নাট্যপ্ৰেমী ৰাইজৰ মৰম আৰু আশীর্বাদ বিচাৰি বুধবাৰে আখৰা শুভাৰম্ভ কৰে নলবাৰী জিলাৰ গুৱাকুছি গাঁৱত জন্ম লাভ কৰা অৰূপ ভট্ট প্ৰযোজিত আৰাধনা যাত্রিক থিয়েটাৰে। আখৰা শুভাৰম্ভ অনুষ্ঠানত নাৰিকল ভাঙি নাটকৰ পাণ্ডুলিপি উন্মোচন কৰে অভিনেতা,যুৱ নাট্যকাৰ কবিন ৰাজে। তাৰোপৰি নাট্যালোচনী সভাত উপস্থিত থাকে নাট্যকাৰ ৰাধেশ্যাম কলিতা, অভিনেতা পৰিচালক বুবুল কলিতা, সাংস্কৃতিক সংবাদদাতা ৰমেন কলিতাৰ উপৰিও কেইবাগৰাকী বিশিষ্ট ব্যক্তি। আৰাধনা যাত্রিক থিয়েটাৰে ২১-২২ (দ্বিতীয়)বৰ্ষত নিবেদন কৰিব এক ব্যতিক্রমী আৰু হৃদয় বিদাৰক কাহিনীৰে নাট্যকাৰ ৰাধেশ্যাম কলিতাৰ “মহাপাপী মই” আৰু যুৱ নাট্যকাৰ কবিন ৰাজৰ “বেনামী প্ৰেমিক ” যত অভিনয় কৰিব অভিনেতা মহেশ ৰাজবংশী, চক্ৰেশ্বৰ দাস, নিৰ্মল ডেকা, নৱ ডেকা, মৃদুল ভূঞা, চুনু ভড়ালী, নিকুঞ্জ শৰ্মা, সতীশ বৰুৱা, ধনমনি দাস, অভিনেত্রী স্বপ্না নাথ, বনশ্রী তালুকদাৰ, ভেলিনা বৰুৱা, মিতালী দাস, আৰু সীমামনি বেগমে। আৰাধনা যাত্রিক থিয়েটাৰৰ সংগীত পৰিচালনা কৰিব মুনমুন, ৰাজুৱে আৰু পোহৰ পৰাগ শৰ্মাৰ। সম্পাদক ভাস্কৰ শৰ্মাই জনোৱা মতে আৰাধনা যাত্রিক থিয়েটাৰৰ কাৰ্যবাহী প্ৰযোজক নিকুঞ্জ শৰ্মা আৰু শব্দ হীৰক কলিতাৰ। ভালেসংখ্যক নাট্যানুৰাগীৰ উপস্থিতিত আয়োজিত আৰাধনা যাত্রিক থিয়েটাৰৰ শুভ মুহুৰত অনুষ্ঠানত প্ৰযোজক শিল্পী কলাকুশলী সকলে ৰাইজৰ সন্মুখত চিনাকী দি ৰাইজৰ সহযোগিতা কামনা কৰি শুভ নাট্যাৰম্ভৰ অনুষ্ঠান সামৰণি কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আজিৰে পৰা মেঘালয়ৰ উমৰইত আৰম্ভ ভাৰত-ফ্ৰান্স যৌথ সামৰিক অনুশীলন শক্তিৰ সপ্তম সংস্কৰণ…
- ৰাতিপুৱা শুই উঠি নাচাব এই ৫ টা বস্তু! গোটেই দিনটো বেয়া হ’ব…
- পশ্চিম কাৰ্বি আংলংঙৰ কান্দুলী সীমান্ত আৰক্ষী চকীত অসম আৰু মেঘালয়ৰ সীমান্ত শান্তি স্থাপন উদ্দেশ্য আলোচনা অনুষ্ঠিত…
- পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত শিৱসাগৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট…
- শোৱাৰ সময়ত এই সমূহ বস্তু ৰাখক মূৰৰ ওচৰত! দেখিব আপোনাৰ ভাগ্য ফুলিব…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক শেষ শ্ৰদ্ধা জ্ঞাপন…
- বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন যুৱক…
- মুম্বাইৰ প্ৰাণঘাতী হৰ্ডিংখনৰ গৰাকী ভৱেশ ভিন্দেক গ্ৰেপ্তাৰ…
- ইউটিউবাৰ ভাঙা টিভি চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ…
- মৰিয়নীস্থিত “হোলোঙাপাৰ গিবন অভয়াৰণ্য”ত কপিকুলৰ সন্মুখত ভাবুকি ৰেল বিভাগৰ বৈদ্যুতিক খুটা…