বোকাজান মহকুমাৰ অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ইষ্টাৰ্ণ কাৰ্বি আংলং কলেজৰ ২৪ তম প্ৰতিষ্ঠা দিৱস যোৱা ১ চেপ্তেম্বৰ তাৰিখে কোভিডজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেনেই অনুষ্টুপীয়াকৈ পালন কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা ৯.৩০ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন কৰে অধ্যক্ষ ড° অনিল চন্দ্ৰ দাসে। ইয়াৰ পাছতে উপাধ্যক্ষ চুখলাল চুব্বাই দেশ আৰু সমাজৰ বাবে প্ৰাণাহুতি দিয়া শ্বহীদসকলৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰে । এই কাৰ্যসূচীত মহাবিদ্যালয়ৰ সকলো শিক্ষক তথা কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে। বিজ্ঞান শাখাৰ সমুখৰ বাকৰিত গছপুলি ৰোপনৰ এটি কাৰ্যসূচীও সম্পন্ন কৰা হয়। অনুষ্ঠানৰ আঁত ধৰে সহকাৰী অধ্যাপক ড° নয়নমণি মেধিয়ে। সম্পূৰ্ণ কোভিড নীতি-নিয়ম মানি অধ্যক্ষ ড° দাসৰ সভাপতিত্বত শিক্ষক, কৰ্মচাৰী, ছাত্ৰ আৰু প্ৰাক্তন ছাত্ৰৰ প্ৰতিনিধিৰ মাজত এখনি মত বিনিময় সভাও অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ১৯৯৭ চনত সৰিয়হজান অঞ্চলৰ কেইগৰাকীমান সমাজকৰ্মী আৰু সদৌ ৰাইজৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা হোৱা এই মহাবিদ্যালয়খনে এইবছৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে। কোভিড অতিমাৰীজনিত পৰিস্থিতিৰ বাবে ৰূপালী জয়ন্তী অনুষ্ঠান উদযাপনৰ বাবে আগবাঢ়িব পৰা নাই যদিও পৰিস্থিতি অনুকূল হ’লেই স্থানীয় ৰাইজৰ সহযোগত ৰূপালী জয়ন্তী উৎসৱ পালন কৰাৰ পৰিকল্পনাৰ বিষয়ে সভাত অধ্যক্ষই ব্যক্ত কৰে। তদুপৰি তেখেতে মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ আৰু অধিক উন্নত কৰি সৰিয়হজানবাসী ৰাইজৰ আশা – আকাংক্ষাক বাস্তৱায়িত কৰাৰ লগতে পাহাৰীয়া জিলাখনক উচ্চ শিক্ষাৰ আগবাঢ়ি যোৱাত ক্ষেত্ৰত বৰঙণি যোগোৱাৰ বাবে সকলো শিক্ষকক কাম কৰি যাবলৈ আহ্বান জনায়। লগতে অধ্যক্ষ ড° দাসে মহাবিদ্যালয়খনৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰাৰ অৰ্থে চৰকাৰ, প্ৰশাসন, জনপ্ৰতিনিধি, ৰাইজ তথা প্ৰাক্তন ছাত্ৰ সমাজৰ সহায় – সহযোগিতা কামনা কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘কেৰিয়াৰ হাতপুথি’ত কি কি তথ্য আছে জানক…
- অধ্যাপক, বিশিষ্ট বিজ্ঞানী, অসম পেট্ৰকেমিকেলচৰ অৱসৰপ্ৰাপ্ত কাৰ্য্যবাহী সঞ্চালক ড° মহেন্দ্ৰ বৰগোহাঞিৰ দেহাৱসান…
- বঙাইগাঁৱত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি বৰপেটা লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ মন্তব্য…
- ভগৱান কৃষ্ণৰ জন্ম আৰু কংসৰ অত্যাচাৰ…
- বিহুৰ পৰা সাংস্কৃতিক অনুষ্ঠানলৈ…
- অসম নাগালেণ্ডৰ বিবাদমান ভূমিত অসাধু ব্যৱসায়ীৰ অবৈধ শিলৰ ৰমৰমীয়া বেহা…
- কাছাৰত ছোৱাইন ফ্লুত আক্রান্ত হৈ ৪ মহীয়া শিশুৰ মৃত্যু…
- জাঁজীৰ নন্দনবন ৰিজ’ৰ্টৰ সমীপত মটৰচাইকেল-ষ্টাৰ বাছৰ মুখামুখি সংঘৰ্ষ থিতাতে নিহত এজন যুৱক…
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…