নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১৭ নং আল্লিয়া গাঁও পঞ্চায়তৰ এলেকাধীন আল্লিয়া মিলন বজাৰ সমীপৰ নোনা নৈৰ ওপৰত এখন অৰ্ধনমিত পকী দলঙে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ৮/১০ ৰাজহ গাঁৱৰ জনসাধাৰণক যাতায়ত ক্ষেত্ৰত জ্বলা-কলা খুৱাইছে বুলি আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাই অভিযোগ তুলিছে। উল্লেখ্য যে ঘগ্ৰাপাৰ হাইৱে চ’কৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দুৰৈত অৱস্থিত উক্ত দলংখন নিৰ্মাণৰ কাম আজিৰে পৰা প্ৰায় আঢ়ৈ বছৰ পুৰ্বে এগৰাকী বহু বিতৰ্কিত ঠিকাদাৰে কাম আৰম্ভ কৰিছিল যদিও নলবাৰী জিলাৰ লোক নিৰ্মাণ বিভাগৰ গুৰুত্বহীনতা তথা হেমাহিত আজিও দলংখনৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ নোহোৱাত স্থানীয় ৰাইজ তথা আছুৱে এই স্থানত উপস্থিত হৈ আজিও ক্ষোভ প্ৰকাশ কৰে। উল্লেখ্য যে পকী দলংখনৰ কাষেৰে উপপথ হিচাপে এখন বাঁহৰ দলং নিৰ্মাণ কৰিছিল যদিও বাঢ়নী পানীয়ে অস্থায়ী দলংখন উটুৱাই নিয়াত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ৮/১০ খন গাঁৱৰ পথচাৰী,ছাত্ৰ-ছাত্রী আদিয়ে যাতায়ত-যোগাযোগৰ ক্ষেত্ৰত যমৰ-যাতনা ভূগি অহাৰ সময়তে কালি আবেলি আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ এটি দলে উক্ত স্থান পৰিভ্ৰমণ কৰে।পৰিভ্ৰমণ কালত নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপসভাপতি কল্প ৰাজবংশীয়ে অভিযোগ উত্থাপিত কৰি নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱা,ঠিকাদাৰ,আমোলা-বিষয়াক ধিক্কাৰ প্ৰদান কৰে। লগতে আছুনেতা ৰাজবংশীয়ে বিধায়ক জয়ন্ত মল্ল বৰুৱাক এই অঞ্চলৰ ৰাইজে নিৰ্বাচনৰ পিছত গাঁৰ ছাঁ টোকে দেখা নাই বুলি মন্তব্য কৰি এই অঞ্চলৰ ৰাইজ তথা ছাত্ৰ-ছাত্ৰীয়ে কি দৰে যাতায়ত-যোগাযোগ কৰি আহিছে এবাৰ নিজ চকু চাই আহিবলৈ আছু নেতাগৰাকীয়ে আহ্বান জনায়। ইফালে আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ধৰ্মেশ্বৰ দাস,সাধাৰণ সম্পাদক নীলোৎপল দাসে কয় যে বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ যাতায়ত-যোগাযোগ পথ হিচাপে চিহ্নিত– আল্লিয়া-দ্বাৰকুছি সংযোগী পথৰ নোনা নৈৰ ওপৰত উক্তস্থানত নিৰ্মিত পকী দলংখনৰ নিৰ্মাণ কাৰ্য সম্পৰ্ণ কৰিবলৈ অসম চৰকাৰ আৰু নলবাৰী জিলা উপায়ুক্তক দাবী কৰিছে।অন্যথা পৰৱৰ্তী সময়ত ৰাইজৰ সহায়োগত গণতান্ত্ৰিক আন্দোলন কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে।উল্লেখ্য যে পুৰ্বেও আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাই এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও আজি পৰ্যন্ত সুফল পোৱা নাই বুলি জানিব দিয়ে।

