৩ ছেপ্টেম্বৰ অসমৰ প্ৰথম অৰ্জুন বঁটা প্ৰাপ্ত খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন। অভিৰুচি গোটে যোৱা ৩৭ বছৰ ধৰি বিভিন্ন অনুষ্ঠানৰ সৈতে দিনটো উদযাপন কৰি আহিছে। অৱশ্যে এইবাৰ ক’ভিড-১৯ মহামাৰীৰ বাবে আয়োজকে গণ জগিং, নৃত্য প্ৰতিযোগিতা আৰু খেলুৱৈৰ সম্বৰ্ধনা কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল যিটো ক্ৰীড়া দিৱসৰ অবিচ্ছেদ্য অংশ। ১৯৬৬ চনৰ এছিয়ান গেমছৰ ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ আছিল ভোগেশ্বৰ বৰুৱা। এজন ভাৰতীয় প্ৰাক্তন এথলীট আৰু প্ৰশিক্ষক। ১৯৬৬ চনৰ এছিয়ান গেমছত পদক অৰ্জন কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰা প্ৰথম গৰাকী অসমবাসীৰ ভিতৰত এজন আছিল। তেওঁ 1966 চনৰ এছিয়ান গেমছৰ 800 মিটাৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদকৰ বিজয়ী আছিল। বৰুৱাৰ জন্মদিন প্ৰতি বছৰে ৩ ছেপ্টেম্বৰত অসমত পালন কৰা হয়, যাক তেওঁৰ সন্মানত “অভিৰুচি ক্ৰীড়া দিৱস” বুলি কোৱা হয়। তেওঁ ৯০ ৰ দশকৰ আৰম্ভণিতে গুৱাহাটীৰ দিম’ত এখন ক্ৰীড়া একাডেমী আৰম্ভ কৰিছিল। কিন্তু তিনি বছৰ কাম কৰাৰ পিছত, পুঁজিৰ অভাৱৰ বাবে তেওঁ কাম বন্ধ কৰি দিছিল। তেওঁ অৰ্জুন বঁটা প্ৰাপক। অৰ্জুন বঁটা লাভ কৰা তেওঁ প্ৰথম জন অসমবাসী।
৩৮ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস

