লাহৰীঘাটৰ টেঙাগুৰিত দুই ড্ৰাগছ সৰবৰাহকাৰী আটক

 মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই টেঙাগুৰি কছাৰী গাঁৱৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুটা সৰবৰাহ কাৰীক আটক কৰে ।আটক কৰা সৰবৰাহকাৰী দুটা হল মজিবুৰ ৰহমান আৰু আমিৰ হামজা ।৭০টা ড্ৰাগছ  ভৰ্তি কন্টেইনাৰ আৰু ১৭৫০০ টকা জব্দ কৰে ।দীৰ্ঘদিন ধৰি দুয়ো  নিজ ঘৰতেই ড্ৰাগছৰ ব্যৱসায় চলাই আছিল ।

Related Articles