অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সোণৰ পদকেৰে অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাই প্ৰথম ব্যক্তি আৰু জাতিৰ গৌৰৱ আছিল ; শিৱসাগৰৰ জয় সাগৰ পুখুৰীৰৰ অঞ্চলত ৩ চেপ্তেম্বৰত জন্ম গ্ৰহণ কৰা এই মহান খেলুৱৈ গৰাকীৰ ওপজা দিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে বিগত ১৯৮৪ চনৰ পৰাই পালন কৰি আহিছে’ এই বক্তব্য চ’ৰাৰ সভাপতি দীপক শৰ্মাৰ।বিহালী বেদেতীৰ স্বেচ্ছাসেৱি ক্ৰীড়া অনুষ্ঠান উদ্দীপ্ত চ’ৰাৰ উদ্যোগত প্ৰতি বছৰে এই দিনটোত অসম ভিত্তিত ফুট ব’ল ‘ভলী’বল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে । এই বাৰ কৰোনা অতিমাহীৰৰ পৰিপ্ৰেক্ষিতত জিলা খনৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক খেলুৱৈ ‘যুৱক -যুৱতিৰ দ্বাৰা প্ৰায় ২০ কি’ল’ কি:মি: পথ মাৰাথান দৌৰে দিবসটি পালন কৰে । দৌৰৰ শেষত প্ৰথম দ্বিতীয় আৰু তৃতীয় বিজয়ী হিচাপে ৪ গৰাকী যুৱতী আৰু ৭ জন যুৱকক আদৰণি জনাই পুৰষ্কৃত কৰা হয়। এই অনুষ্ঠানত আতঁ ধৰে চ’ৰাৰ সভাপতি দীপক শৰ্মা ‘সম্পাদক জয়ন্ত বৰাই। এই সময় ছোৱাত শিক্ষক তথা প্ৰশিক্ষক ৰঞ্জিত গগৈ:অবন বৰুৱা অৰু ঢ’ৰাৰ সদস্য সকলে অৎশ লয় । এই মাৰাথান দৌৰ যাত্ৰা শুভ উদ্বোধন কৰে প্ৰাক্তন খেলুৱৈ পিণ্টু গুহই : লগতে আদৰণি জনায় জ্যেষ্ঠ ব্যক্তি ম:আলি হুচেইনক। অভিৰুচি দিৱসৰ মুল শ্ল’গান হ’ল সুদক্ষ খেলুৱৈ জাতিৰ গৌৰব আৰু দেশৰ সম্পদ এই মন্তব্য উদ্দীপ্ত ঢ’ৰাৰ সভাপতি দীপক শৰ্মাৰ । এই অনুষ্ঠানৰ পৰাই অসম গৌৰৱ ভোগেশ্বৰ বৰুৱাৰ লগতে হিমা দাস আৰু লভলীনা বৰগোঞাইলৈ শুভকামনা জনায় ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…