নলবাৰী জিলাৰ আগশাৰীৰ সাহিত্য সাংস্কৃতিক অনুষ্ঠান প্ৰজন্মৰ প্ৰযোজনাৰে “অসম টাইমে” নিবেদন কৰিবলগীয়া চুটিছবি “দাগ”ৰ কালি এক নান্দনিক ৰীতি নীতিৰে শুভমহুৰত সম্পন্ন হৈ যায়। পশ্চিম নলবাৰীৰ ঐতিহ্যমন্ডিত বেলশৰ বিল্বেশ্বৰ দেবালয়ত সম্পন্ন হোৱা শুভ মহুৰত অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰে নাট্যকাৰ প্ৰশান্ত মেনা,নাট্যকৰ্মী ৰন্তু শৰ্মা আৰু বেলশৰ জিলা পৰিষদৰ সদস্যা ৰীতামনি ডেকাই। বিল্লেশ্বৰ দেৱালয় প্ৰাংগনত অনুষ্ঠিত হোৱা শুভমহুৰত কাৰ্যসূচীত নাৰিকল ভাগি উদ্বোধন কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুবজ্যোতি শৰ্মাই। কেমেৰাত মাল্যাৰ্পণ কৰে পশ্চিম নলবাৰী শিক্ষা বিষয়া সমীন বৈশ্যই। চুটিছবি দাগৰ কভাৰ ডিজাইন উন্মোচন কৰে অসম টাইমৰ মুখ্য সম্পাদক এম মহিবৰ ৰহমান আৰু নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুনজ্যোতি পাঠকে। সতীশ দাসৰ কাহিনী,চিত্ৰ নাট্য আৰু সংলাপ আৰু কিশোৰ চক্ৰবৰ্তীৰ পৰিচালনাৰে নিৰ্মাণ হবলগীয়া দাগৰ শুভমহুৰত অনুষ্ঠানত নিবন্ধকাৰ,নাট্যকাৰ হিতেশ ডেকা, নৰেন ৰাজবংশী,ৰঞ্জিত মিশ্ৰৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰজন্ম আৰু অসম টাইমৰ হৈ চুটিছবি দাগৰ পাণ্ডুলিপি পৰিচালকৰ হাতত অৰ্পন কৰে বিশিষ্ট নাট্যকাৰ অভিজিৎ ৰঞ্জন ভট্টাচাৰ্যই। চুটিছবিখনৰ সহ পৰিচালক দিগন্ত ভৰালীয়ে আতধৰা অনুষ্ঠানত আদৰণি ভাষন ৰাখে নাট্যকাৰ সতীশ দাসে। ছবিখনত অভিনয় কৰিব ৰঞ্জিত মিশ্ৰ,নবৰত্ন পাটোৱাৰী,ৰীমা ডেকা,মৌচুমী কাশ্যপ,পম্পী দেবী,কিশোৰ চক্ৰবৰ্তী,সুনয়ন শৰ্মা,পাকিউৰ ৰহমান,ৰাফেল চৌধুৰী,হিতেশ শৰ্মা,দিগন্ত ভৰালীশিশুশিল্পী—আকিল হাছিয়ে। ছবিখনৰ ব্যবস্থাপক জুলু মহন্ত,নিতু তালুকদাৰ আৰু দ্বিৰূপ তালুকদাৰ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ…
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…