টকিঅ অলিম্পিকত ব্ৰঞ্জৰ পদকেৰে ভাৰতবাসীলৈ বিশ্ব ইতিহাসৰ এটি বৰ্ণিল অধ্যায় আজুৰি অনা অসম কন্যা লাভলীনা বৰগোহাঁই ৰাওনা হ’ল বেংগালুৰুলৈ বুলি। সুদীৰ্ঘ এটা বছৰৰ পিছত 17 আগষ্টত ওপজা ঘৰখনত ভৰি দিয়া বক্সিং কন্যাগৰাকী মাত্ৰ কেইটামানহে দিন নিজা ঘৰখনত আপোনজনৰ সৈতে কটাই উচ্চ পৰ্যায়ৰ অনুশীলনৰ বাবে বেংগালুৰুলৈ যাত্ৰা কৰিলে । গাঁৱৰ বোকা পানী খছকি ডাঙৰ দীঘল হোৱা লাভলীনাই লগত লৈ গল আপোন গাঁওখনৰ নিভাঁজ মৰমবোৰ । বেংগালুৰুৰ অনুশীলন শিৱিৰলৈ ৰাওনা হ’ল অসম গৌৰৱ লাভলীনা । গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ বাৰমুখীয়া গাৱৰ নিজা ঘৰখনৰ পৰা 3 চেপ্তেম্বৰৰ পুৱাই পিতৃসহ ডিমাপুৰ বিমান বন্দৰৰ পৰা বেংগালুৰুৰ অনুশীলন শিবিৰলৈ ৰাওনা হয় লাভলীনা। ঘৰৰ পৰা বিদায় লোৱাৰ পৰত আবেগিক হৈ পৰে বক্সিং কন্যাগৰাকী । এটা বছৰেই মাতৃৰ মৰমকণৰ পৰা বঞ্চিত লাভলীনাই বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠানত অংশগ্ৰহন কৰি থকাৰ বাবে মাথো চেগা চুৰুকাকৈ কেইটামান নিশাহে মাতৃৰ সৈতে পাৰ কৰিবলৈ পালে। বিদায় পৰত বাৰে বাৰে মাতৃ ভগ্নীক সাৱটি ধৰে লাভলীনাই। মাতৃৰ বুকুত সোমাই আবেগিক সৈতে পৰে লাভলীনা । অসুস্থ মাতৃ মামণি বৰগোহাঁইয়ে চকুলো টুকি বিদায় দিয়ে নিজ কন্যাক। ইপিনে লাভলীনাক বিদায় দিবলৈ পুৱাই লাভলীনাৰ বাসগৃহত উপস্থিত হয় সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে বহু অনুৰাগী । বিদায় পৰত লাভলীনাক বিধায়কজনে লাভলীনাৰ নামত নিৰ্মান হৱ লগীয়া ক্ৰীড়া প্ৰকল্পৰ আৰ্হি দেখুৱাই । নিৰ্মান হৱ লগীয়া ক্ৰীড়া প্ৰকল্প সন্দৰ্ভত লাভলীনাই বিধায়কজনৰ সৈতে আলোচনা কৰে। ক্ৰীড়া প্ৰকল্পৰ আৰ্হি দেখি সন্তুষ্টি প্ৰকাশ কৰে লাভলীনাই। লগতে সোনকালেই প্ৰকল্পটো নিৰ্মাণ হৈ, উঠি অহা প্ৰজন্মই যাতে উন্নত মানদণ্ডৰ আন্তঃগাঁথনিৰে ক্ৰীড়া অনুশীলনৰ সুবিধাকণ লাভ কৰিব পাৰে তাৰো আশা প্ৰকাশ কৰে। ইপিনে বিধায়ক বিশ্বজিৎ ফুকনলৈ কৃতজ্ঞতাৰ চিন স্বৰূপে লাভলীনাই টি চাৰ্ট, ট্ৰেকচুত আদি উপহাৰ প্ৰদান কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আমেথিৰ সলনি কিয় বাছি ল’লে ৰায়বৰেলী? বিজেপিৰ সমালোচনাৰ মাজতে মুখ খুলিলে ৰাহুল গান্ধীয়ে…
- খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডৰ সৈতে জড়িত গ্ৰেপ্তাৰ ৩ ভাৰতীয় নাগৰিক…
- অসমৰ ১ লাখ ৰাইজক লৈ যাম ৰাম মন্দিৰ দেখুৱাবৰ বাবেঃ মুখ্যমন্ত্ৰী
- কোনোবা কালু, কোনোবা আলু, কোনোবা পাপ্পু! বলীউডৰ পৰিচিত তাৰকাসকলৰ অচিনাকি নাম, ঘৰত কাক, কি বুলি মাতে…
- জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বায়ুসেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ৫গৰাকী জোৱান…
- বহু ৰোগীক দৰব দি কৰিছিল হত্যাঃ মাৰ্কিন নাৰ্চক ৭৬০ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে!
- হাইলাকান্দিত আৰক্ষীৰ জালত প্ৰৱঞ্চক ব্যৱসায়ী আব্দুল ৰজ্জাক…
- ৫০ হাজাৰ চাকৰি ওলাব, ছোৱালীৰ বাবে ১৫ হাজাৰ চাকৰি থাকিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…
- তৃতীয় পর্যায়ৰ নির্বাচনঃ ৫ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা ৭ মে’ৰ সন্ধিয়া ৫ বজালৈকে চাৰি লোকসভা সমষ্টিত ড্রাই ডে’ ঘোষণা…
- দলগাঁৱৰ পাণবাৰীত দৰিদ্ৰ মহিলাক গছত হাত-ভৰি বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ…