ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা শাসিত বিজেপি চৰকাৰে ৰাজ্যৰ সম্পত্তি বিক্ৰি কৰাৰ বাহিৰে উন্নয়নমূলক কাম যে কৰা নাই তাক বাৰে বাৰে প্ৰমাণিত কৰি আহিছে বুলি উল্লেখিত সমিতিখনে প্ৰকাশ কৰিছে আৰু ইয়াৰ লগতে কয় যে যি সময়ত ৰাজ্য চৰকাৰৰ বিধানসভাৰ মজিয়াত অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত ৰাজহুৱা উদ্যোগ গঢ়ি তুলা, ৰাস্তা পদূলি নিৰ্মাণ কৰা, শিক্ষানুষ্ঠান সৱলিকৰণ কৰা, গাওঁৱে ভূঞে ২৪ ঘন্টাৰ বিদ্যুৎ যোগান ধৰা, নদীৰ মথাউৰি নিৰ্মাণ কৰা আদিৰ দৰে সমস্যা সমূ্হৰ ওপৰত আলোচনা নকৰি হিন্দু-মুছলিমৰ ধৰ্মীয় ৰাজনীতি,গৰু আদিৰ দৰে বিষয়সমূহতে লাগি থাকে তেনে চৰকাৰে কি উন্নয়ন কৰিব সহজে বুজিব পৰা যায় । আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিৰ উপদেষ্টা গৌতম বৰুৱাই সংবাদ পত্ৰলৈ প্ৰেৰণ কৰা এক বিবৃত্তিত ছাত্ৰ নেতা গৰাকীয়ে কয় যে এই বিজেপি চৰকাৰখনে ৰাস্তা পদূলি উন্নয়ন হৈছে বুলি ঢোল-তাল কোবাই থকা সময়তে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ সমষ্টিৰ বুঢ়ীদিহিং পঞ্চায়তৰ অন্তৰ্গত ৰতনিপথাৰ গাওঁবাসীয়ে বসবাস কৰা গাওঁৰ ভিতৰলৈ সুমোৱা মূল পথটো পুখুৰী-সদৃশ দ’-গাঁত বোকা পানীৰে ভৰা জৰাজীৰ্ণ অবস্থাত গাওঁখনৰ ছাত্ৰ-ছাত্ৰী সৰ্বসাধাৰণ ৰাইজে এই ৰাস্তাত অহা যোৱা কৰি দূৰ্ভোগ ভুগিব লগা হৈছে। লগতে ছাত্ৰ নেতা গৰাকীয়ে ক্ষোভ উজাৰি কয় যে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাদেৱে আগন্তুক বিত্তীয় বৰ্ষত এই পথটো মেৰামতিৰ দায়িত্ব নললে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিয়ে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে।

