চাবুৱাত আছুৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন

উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছৰেপৰা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ  উচ্চ শিক্ষাৰ বাবে চৰকাৰী শিক্ষানুষ্ঠানসমূহত নাম ভৰ্তিৰ  ক্ষেত্ৰত ব্যাপক সমস্যা সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ  অতিমাৰী ক’ভিড পৰিস্থিতিৰ বাবে পৰীক্ষাৰ নিয়ম সলনি হোৱাত বিগত বৰ্ষৰ তুলনাত এইবাৰ দুয়োটা পৰীক্ষাতে  অভাৱনীয় ভাৱে উত্তীৰ্ণ হাৰ বৃদ্ধি  হ’ল। ডিব্ৰুগড়  জিলাত ইয়াৰ উত্তীৰ্ণ হাৰ আছিল ৯৮%।  বিগত বৰ্ষতে উতীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত (উচ্চতৰ আৰু স্নাতক) আসনৰ সংখ্যা কম হোৱাৰ বাবে নাম ভৰ্তিৰ ক্ষেত্ৰত  সমস্যাৰ সৃষ্টি হৈছিল। কিন্তু এইবাৰ উত্তীৰ্ণ হাৰ অত্যাধিক হোৱাত ছাত্ৰ-ছাত্ৰীসকলে বিগত বৰ্ষৰ তুলনাত বেছি হাহাকাৰ কৰিব লগা হৈছে।এই সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে জিলাখনৰ বিভিন্ন আঞ্চলিকে আজি এক প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। জিলাৰ আহ্বান মৰ্মে চাবুৱা আঞ্চলিক ছাত্ৰ সন্থায়ো চাবুৱা নগৰৰ বাছ স্থানত দুঘন্টীয়া অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।

পূৱা ১০ বজাৰ পৰা হোৱা উক্ত প্ৰতিবাদী কাৰ্যসূচী মহামানৱ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিছব্বিত এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে চাবুৱা আছুৰ সভাপতি মৃদুপৱন গগৈয়ে। সম্পাদক প্ৰণৱ জ্যোতি দত্তই আঁতধৰা উক্ত বিক্ষোভ কাৰ্যসূচীৰ যোগেদি প্ৰতিখন মহাবিদ্যালয়তে স্নাতক আৰু উচ্চতৰ মাধ্যমিক শাখাত আসনৰ সংখ্যা বৃদ্ধি কৰা, বিদ্যালয়-মহাবিদ্যালয়ত খালি হৈ থকা শিক্ষকৰ  পদসমূহ অতিশীঘ্ৰে পূৰ্ণ কৰা , ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাথঁনি গঢ়ি তোলা , ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে প্ৰাতঃ আৰু দিবা ভাগত পাঠদানৰ ব্যৱস্থা কৰা, আমন্ত্ৰিত শিক্ষকৰ ব্যৱস্থা কৰি শিক্ষকৰ অভাৱ  পূৰণ কৰিবলৈ আছুৰ প্ৰতিবাদকাৰীসকলে দাবী জনায়। বিজেপি চৰকাৰ হুচিয়াৰ, বিজেপি চৰকাৰ নিপাত যাওক, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু মূৰ্দাবাদ, মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, শিক্ষাবিভাগ লেই লেই চেই চেই, শিক্ষাবিভাগ হুচিয়াৰ, ইনক্লাব জিন্দাবাদ, শিক্ষাৰ্থী জীৱনক লৈ হেঁতালি খেলা চৰকাৰে বন্ধ কৰক, আদি বিভিন্ন শ্ল’গানেৰে চাবুৱা নগৰ উত্তাল কৰি তোলে।১২ বজাত প্ৰত বালী কাৰ্যসূচী সামৰণি মাৰি চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসমৰ শিক্ষামন্ত্ৰীলৈ এখন ছয় দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।  

Related Articles