মাতৃ আৰু শিশুৰ উপযুক্ত পৰিপুষ্টিৰ বিষয়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বৰপেটা জিলাতো আৰম্ভ হোৱা পোষণ মাহৰ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ সভাকক্ষত আয়োজিত এটি অনুষ্ঠানত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে এই কাৰ্যসূচী শুভাৰম্ভ কৰি দিয়া ভাষণত অঙ্গনবাড়ী কৰ্মী সহায়িকা আৰু নিৰ্দেশিকা সকলকে আদি কৰি সমাজ কল্যাণ বিভাগৰ বিষয়া সকলক অতি আন্তৰিকতাৰে কাৰ্যসূচী খন সফল কৰি তুলিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে, চাকৰিৰ মাজেৰে সমাজ সেৱাৰ এনে সুন্দৰ সুযোগ ভাগ্যবান জনেহে লাভ কৰে। সেয়ে পোষণ অভিযানক সফল ৰূপ দি জিলাখনৰ প্ৰতিটো শিশু আৰু মাতৃক উপযুক্ত পৰিপুষ্টিৰে সুস্থ সবল ৰূপত গঢ়ি তোলাৰ লক্ষ্যত উপনীত হবলৈ তেওঁ আহ্বান জনায়। তেওঁ কয় যে এয়া আমাৰ প্ৰতিজনৰে এটা দায়িত্ব। তাৰ বাবে ৰাইজক সজাগ কৰাৰ লগতে তেওঁলোকৰ অভ্যাসৰো সলনি কৰিব লাগিব বুলি মতপ্ৰকাশ কৰে। এই মাহটোৰ কাৰ্যসূচীক সফল ৰূপ দিয়াৰ উদ্দেশ্য বৰপেটা জিলাৰ বাবে ‘ভোগমন’ নাম দি প্ৰস্তুত কৰা শুভঙ্কৰটিও উপায়ুক্ত গৰাকীয়ে আনুষ্ঠানিকভাৱে উন্মোচন কৰে। উল্লেখযোগ্য যে সমাজ কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত লখিমী দত্তৰ উদ্ভাৱনী চিন্তাৰে জিলাখনৰ বিশেষত্ব আৰু বিষয় বস্তুৰ গুৰুত্বৰ ওপৰত লক্ষ্য ৰাখি অভিনৱ ৰূপত এই শুভংকৰটি প্ৰস্তুত কৰা হৈছে। সভাখনৰ আৰম্ভণীতে তেওঁ উদ্দেশ্য ব্যাখ্যা কৰি পোষণ মাহৰ তাৎপৰ্য বুজাই কয়। ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়াৰ দায়িত্বত থকা সহকাৰী আয়ুক্ত দিপাঙ্কৰ কলিতাই আঁতধৰা সভাখনত যুটীয়া স্বাস্থ্য সঞ্চালক ডা তীৰ্থনাথ শৰ্মা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, মাণ্ডলিক আঁচনি বিষয়া জ্যোতিৰেখা বৰগোহাঁই আৰু জেষ্ঠ পৰিকল্পনা বিষয়া দ্বিজেন্দ্ৰ নাথ দাসেও ভাষণ দিয়ে। অনুষ্ঠানত বৰপেটা সংহত শিশু বিকাশ প্ৰকল্পৰ অন্তৰ্গত অঙ্গনবাড়ী নিৰীক্ষক আৰু মন্দিয়াৰ অঙ্গনবাড়ী কৰ্মী-সহায়িকা সকলে জনসজাগতা সৃষ্টিৰ উদ্দেশ্যে লোক সংগীত আৰু নৃত্যৰ মাজেৰে সামাজিক বাৰ্তা প্ৰদান কৰা কেবাটাও সুন্দৰ অনুষ্ঠান পৰিবেশন কৰে। এই অনুষ্ঠানৰ সৈতে ৰজিতা খুৱাই বিভিন্ন অঙ্গনবাড়ী কেন্দ্ৰৰ দ্বাৰা প্ৰস্তুত কৰা পুষ্টিদায়ী শাক-পাছলি আৰু পিঠা-পনা আদিও প্ৰদৰ্শন কৰা হয়। সভাৰ মাজতে কেবাগৰাকী গৰ্ভৱতী মহিলা আৰু ছবছৰৰ অনুৰ্ধৰ শিশুৰ মাজত পুষ্টিকৰ খাদ্য সামগ্ৰী আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কোনোবা কালু, কোনোবা আলু, কোনোবা পাপ্পু! বলীউডৰ পৰিচিত তাৰকাসকলৰ অচিনাকি নাম, ঘৰত কাক, কি বুলি মাতে…
- জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বায়ুসেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ৫গৰাকী জোৱান…
- বহু ৰোগীক দৰব দি কৰিছিল হত্যাঃ মাৰ্কিন নাৰ্চক ৭৬০ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে!
- হাইলাকান্দিত আৰক্ষীৰ জালত প্ৰৱঞ্চক ব্যৱসায়ী আব্দুল ৰজ্জাক…
- ৫০ হাজাৰ চাকৰি ওলাব, ছোৱালীৰ বাবে ১৫ হাজাৰ চাকৰি থাকিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…
- তৃতীয় পর্যায়ৰ নির্বাচনঃ ৫ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা ৭ মে’ৰ সন্ধিয়া ৫ বজালৈকে চাৰি লোকসভা সমষ্টিত ড্রাই ডে’ ঘোষণা…
- দলগাঁৱৰ পাণবাৰীত দৰিদ্ৰ মহিলাক গছত হাত-ভৰি বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ…
- শহুৰেকৰ যৌতুকৰ দাবী মানি নলৈ কন্যাক ঢোলে-দগৰে শহুৰেকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ আনিলে পিতৃয়ে…
- জোনাইত শোকাৱহ পথ দুৰ্ঘটনাত মুত্যু গিৰিশ পেগু নামৰ যুৱকজনৰ…
- বেছিভাগ মানুহৰে পেট বঢ়া! বঢ়া পেট কমাব কেনেকৈ? শিকি লওক টিপচ…