উত্তৰ গুৱাহাটী শিলসাকোঁস্হিত শংকৰদেৱ শিশু নিকেতন উত্তৰ কামৰূপৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান। শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আজি উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত কৃতী ছাত্ৰ-ছাত্ৰী তথা বিশিষ্ট শিক্ষাবিদক সম্বৰ্ধনা আৰু চিনিয়ৰ ছেকেণ্ডাৰী পাঠদান আৰম্ভ কৰিবলৈ ভৱন উন্মোচন কৰা হয়। বন্তি প্ৰজ্বলন, বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানৰ সঞ্চালনা কৰে উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে আৰু উদ্দেশ্য ব্যাখ্যা কৰে প্ৰধান আচাৰ্য উৎপল তালুকদাৰে। বিধায়ক পুঁজিৰ পৰা লাভ কৰা ১০ লাখ টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰি উলিওৱা ভৱন উন্মোচন কৰে অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃনালিনী দেৱীয়ে। মুখ্য অতিথি মৃনালিনী দেৱীয়ে ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনায়৷ বিশিষ্ট মাৰ্গদৰ্শক গৰাকীয়ে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি দিয়া ভাষণত সময়ৰ লগত খাপখোৱাকৈ দৃঢ় সিদ্ধান্ত লৈ নিজৰ জীৱনত আগবাঢ়াৰ লগতে দেশ আৰু জাতিৰ সেৱাত ব্ৰতী হবলৈ আহ্বান জনায় ৷ ভাৰতীয় আদৰ্শেৰে অসমীয়া মাধ্যমত কিতাপৰ শিক্ষাৰ লগতে নিকেতনত যি সংস্কাৰ আৰু গুৰু-শিষ্য পৰম্পৰা বিদ্যমান, তাৰবাবে আচাৰ্য-আচাৰ্যাক ধন্যবাদ জনায়। অনুস্থানত ২০২০ আৰু ২০২১ বৰ্ষত সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰিক্ষাত উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনাও জনোৱা হয়৷ নিকেতনখনৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পোৱা ২০২০ বৰ্ষৰ উপাসনা কলিতা ৮৫.৩৩% আৰু ২০২১ বৰ্ষৰ হৃষিতা পৰাশৰ ৯৮.৩৩% নম্বৰেৰে প্ৰথম স্হান লাভ কৰা দুয়োকে মিত্ৰবালা বৰুৱা সোঁৱৰণী বঁটা আৰু নগদ পুৰস্কাৰেৰে সন্মানিত কৰা হয় ৷ দ্বিতীয় স্হান লাভ কৰা ২০২০ বৰ্ষৰ উপমা বৈশ্য (৮৩.৩৩%) আৰু ২০২১ বৰ্ষৰ প্ৰাপ্তি বৰদলৈ (৯৭.৬৭%) লৈ প্ৰয়াত ইন্দ্ৰেশ্বৰ গোস্বামী বঁটাৰ লগতে নগদ পুৰস্কাৰ দিয়া হয়৷ আনহাতে তৃতীয় স্থান লাভ কৰা ২০২০ বৰ্ষৰ নীহাৰিকা দাস (৮১.১৭%) আৰু ২০২১ বৰ্ষৰ পাকী বৰুৱা (৯৬.৫%) লৈ যাদৱ শৰ্মা সোঁৱৰণী বঁটা আৰু নগদ ধন আগবঢ়োৱা হয়। শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বিগত বৰ্ষৰ দৰে এই বছৰো তিনি গৰাকী বিশিষ্ট শিক্ষাবিদক সমাজৰ প্ৰতি আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ বাবে সম্বৰ্ধনা জনোৱা হয়। তেওঁলোক যথাক্ৰমে বিশিষ্ট লেখক, শিক্ষাবিদ খগেন শইকীয়া, প্ৰাক্তন প্ৰধান আচাৰ্য, শংকৰদেৱ শিশু নিকেতন, অম্বিকাগিৰি নগৰ, হুপেশ চৌধুৰী, প্ৰাক্তন প্ৰবক্তা পদাৰ্থ বিজ্ঞান বিভাগ, উত্তৰ গুৱাহাটী মহাবিদ্যালয়, লীলা দেৱী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুল। আজিৰ সভাত ২০২০-২১ বৰ্ষৰ বাবে সুসংগঠক, কৰ্ম্মযোগী, শিক্ষাবিদ শান্তনু ৰঘুনাথ শেণ্ডেজীৰ সোঁৱৰণত আগবঢ়োৱা “নিষ্ঠা বঁটা” নিকেতনৰ উপ-প্ৰধান আচাৰ্য জগদীশ শৰ্মা, আচাৰ্যা কমলা কলিতা বৰ্মন আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপ ৰজকলৈ নগদ ধন আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়। প্ৰধান আচাৰ্য উৎপল তালুকদাৰ আৰু অধ্যাপিকা প্ৰতিমা বৰুৱাই ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভবিষ্যত জীৱনতো উন্নত ফলাফলৰে নিজৰ লগতে অঞ্চলৰ গৌৰৱ বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে।
শলাগৰ শৰাই আগবঢ়ায় উপপ্ৰধান আচাৰ্য জগদীশ শৰ্মাই। শেষত কল্যাণ মন্ত্ৰেৰে অনুষ্ঠানৰ সমাপন কৰা হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…
- গ্ৰীষ্মকালত এই ৫ বিধ শাক-পাচলি কিনিবলৈ নাপাহৰিব, শৰীৰ ঠাণ্ডা ৰখাৰ লগতে পেটৰ বিষ কমায়…