বানৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰচৰত আজি এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । জানিব পৰা মতে, ৩ নং মাজৰচৰ গাওঁৰ নিবাসী আয়নাল হকৰ পুত্ৰ আমিনুল হকৰ ঘৰত দিনৰ প্ৰায় ১০ বজাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। আকস্মিক ভাৱে সংংঘটি হোৱা অগ্নিকাণ্ডত হকৰ থকা ঘৰটো সম্পূৰ্ণৰূপে ভষ্মীভূত হোৱাৰ লগতে ঘৰৰ ভিতৰত থকা বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ, আজবাৱ পত্ৰৰ উপৰিও নিজ ঘৰত থকা একাধিক গুৰুত্বপূৰ্ণ বয়বস্তু জুইত জাহ যায় ৷ উল্লেখ্য যে এই ভয়ংকৰ অগ্নিকাণ্ডত ঘৰৰ ভিতৰত থকা এখন পালছাৰ বাইকো সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে ঘৰত সাচতীয়া কৰি ৰখা নগদ ধনো ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে ৷ জুইত ভস্মীভূত হোৱা গৃহঘৰটোৰ পৰা এটা সামগ্ৰীও উলিয়াব পৰা নাই গৃহস্থ আমিনুল হকে । এই ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ৫ লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হোবাৰ ধাৰণা কৰিছে স্থানীয় লোকে ৷ ভদীয়া বানপানীৰৰ এই সংকটময় সময়ত হঠাৎ সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাক লৈ দৰিদ্ৰ পৰিয়ালটোৱে সম্প্ৰতি হতাশাত ভাগি পৰিছে। এই বাতৰি যুগুত কৰা লৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও ৰান্ধনীশালৰ পৰাই জুইৰ সূত্ৰপাত ঘটা বুুলি ধাৰণা কৰিছে স্হানীয় একাংশ ৰাইজে ৷ দক্ষিণ বৰপেটাৰ বৃৃহত্তৰ চৰাঅঞ্চলত অগ্নিনিৰ্বাপনৰ কোনো বিশেষ সুবিধা নথকাত অৱশেষত স্হানীয় ৰাইজে অশেষ কষ্ট কৰি অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ এই ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে গাঁৱখনৰ কেইবাটাও পৰিয়ালৰ অতি কমেও ১০ টা গৃহ । এই ঘটনাই সমগ্ৰ মাজৰচৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…
- মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…
- দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…
- মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত অট’ চালক…
- যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক…
- পদুমনিত কাৰ হেমাহিত বিশুদ্ধ খোৱা পানীৰ সেৱনত বঞ্চিত তিনি শতাধিক পৰিয়াল…
- হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু…
- বঙাইগাঁৱত অটোৰ ওপৰতে বাগৰি পৰিল গছঃ এজনৰ মৃত্যু , আহত আন এজন
- ক্ৰীড়াৰ জড়িয়তে মানব সম্পদ গঢ়াৰ প্ৰচেষ্টা ডঃ অৰ্চনা ভট্টাচাৰ্যৰ