বি জে পি দলৰ যুৱ মৰ্চাৰ ৰাজ্যিক সম্পাদকৰ দায়িত্ব লাভ কৰিছে নাজিৰাৰ মেধাৱী ছাত্ৰী শ্বেইখ ৰাইছা তাবাচ্চুমে । সম্প্ৰতি নতুন দিল্লীত অধ্যয়নৰত আৰু নাজিৰাস্থ দিল্লী পাব্লিক স্কুলৰপৰা ২০১৮ চনৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত পূৰ্বৰ শীৰ্ষ অভিলেখ ভংগ কৰি উত্তীৰ্ণ হোৱা ৰাইছা তাবাচ্চুমে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হিন্দু কলেজৰ পৰা এইবাৰ প্ৰথম শ্ৰেণী সহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছে । যোৱা ৪ ছেপ্টেম্বৰৰ সন্ধিয়া ১৪ পণ্ট মাৰ্গত অৱস্থিত দিল্লী প্ৰদেশ বি জে পিৰ কাৰ্য্যালয়ত দিল্লী ৰাজ্যিক বি জে পিৰ সভাপতি আদেশ গুপ্তা আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি বাসু ৰোখৰে নতুন প্ৰজন্মৰ ছাত্ৰী গৰাকীক আনুষ্ঠানিক ভাৱে এই নিযুক্তি প্ৰদান কৰে । মাথো ২০ বছৰীয়া ৰাজনীতি বিজ্ঞানৰ স্নাতক ছাত্ৰী গৰাকী বিজেপি যুৱ মৰ্চাৰ দিল্লী প্ৰদেশৰ আটাইটকৈ কম বয়সীয়া ৰাজ্যিক সম্পাদক ৰূপে পৰিগণিত হৈছে । শ্বেখ ৰাইছা তাবাচ্চুমে ইতিমধ্যে El Jeffa Foundation নামৰ এক ৰাষ্ট্ৰ-ভিত্তিক বে-চৰকাৰী সংস্থা প্ৰতিষ্ঠা কৰি ৰাষ্ট্ৰ-সংঘৰ সৈতে ভাৰতৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ইয়াৰ সেৱা কৰ্ম দাঙি ধৰিছে । অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদিকা হিচাপে ইয়াৰ পূৰ্বে “শ্লাম স্কুল প্ৰজেক্ট”ৰ যোগেদি “এ বি ভি পি দিল্লী নৰ্থ ইষ্ট চেল” ৰ দায়িত্ব লৈ তিনি শতাধিক মুছলমান সুযোগ আৰু সুবিধা বঞ্চিত শিশুৰ শৈক্ষিক উত্তৰণৰ হকে কৰা কামৰ অভিজ্ঞতা লাভ কৰিছে । জোকতলি মৌজাৰ নমাটি নিবাসী অসম চৰকাৰৰ উদ্যোগ বিভাগৰ সম্প্ৰসাৰণ বিষয়া ৰেকিবুৰ ৰহমান আৰ নাজিৰাৰ কীডচ কেম্প বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হামিদা ৰহমানৰ জ্যেষ্ঠ কন্যা তাবাচ্চুমৰ ৰাজনৈতিক ক্ষেত্ৰত অংশ গ্ৰহণত নাজিৰাৰ বিভিন্নজন লোকে শুভেচ্ছা জ্ঞাপন কৰিছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিমলুগুৰিত ট্ৰেক্টৰৰ চেপাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যু…
- মৰিগাঁৱত নিৰ্বাচনৰ যোগ বিয়োগৰ চৰ্চাৰ মাজতে বিভিন্ন মহলত বিশেষ ভাৱে চৰ্চিত হৈছে জিলা খনৰ উপায়ুক্ত দেৱাশীষ শৰ্মা…
- তেওঁলোকে সুৰক্ষা প্ৰদান কৰিব পাৰিবনেঃ কৰ্ণাটক কলেজৰ ছাত্ৰীৰ হত্যাক লৈ কংগ্ৰেছক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ
- মুখৰ অতিৰিক্ত নোমৰ বাবেই দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা ছাত্ৰীক ট্ৰ’ল! প্ৰাচীৰ কাষত থিয় হ’ল প্ৰিয়ংকা…
- ‘ভোটৰ বাবে ভুৱা উপাধি ব্যৱহাৰ কৰিছে গান্ধী পৰিয়ালৰ সদস্যই’: প্ৰিয়ংকা গান্ধীক লক্ষ্য কৰি ক’লে বিজেপি নেতাই…
- ডুবাইত পাকিস্তানী অভিনেত্ৰী মাহিৰা খানৰ ওচৰত ক্ষমা বিচাৰিলে অৰিজিত সিঙে…
- কুকুৰকে ৰং সানি সজালে বাঘ, পুডুচেৰীত আতংক…
- তৰমুজৰ লগতে বাকলিও উপকাৰী, এই ধৰণে ব্যৱহাৰ কৰিব পাৰি তৰমুজৰ বাকলি…
- আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ…
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…