মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত লিডু-বিচাগাওঁ সংযোগী এখন ওলমা দলং। প্ৰায় পঞ্চাছ(৫০) খন গাঁৱৰ ৰাইজ সুচল যাতায়ত ব্যৱস্থাৰে উপকৃত হব পৰাকৈ নিৰ্মাণ কৰা হৈছিল দলংখন। ২০০০ চনত সেই সময়ৰ বিধায়ক প্ৰদ্যুত বৰদলৈয়ে তেখেতৰ সমষ্টি উন্নয়ন পুঁজিৰে টিৰাপ নৈৰ ওপৰত লিডু-বিচাগাওঁ সংযোগী উক্ত দলংখন নিৰ্মাণ কৰি উলিয়াইছিল। সেই সময়তে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজে ওলমা দলংখনৰ ঠাইত এখন স্থায়ী পকী দলং নিৰ্মাণ কৰাৰ বাবে বিধায়ক গৰাকীৰ লগতে চৰকাৰক আহ্বান জনাইছিল। কিন্তু ৰাইজৰ সেই আহ্বানক গুৰুত্ব নিদি নিৰ্মাণ কৰা হৈছিল ওলমা দলংখন। ২০০০ চনৰ পৰা প্ৰায় পঞ্চাছ(৫০)খন গাঁৱৰ ৰাইজে এই দলংখনকেই যাতায়ত আৰু যোগাযোগৰ একমাত্ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি আহিছে। দুৰ্ভাগ্যজনক কথাটো হৈছে যে বিগত কিছুদিনৰ পৰা উক্ত দলংখনৰ কেইবাঠাইটো লোহাৰ আঁচবাব সমূহ মামৰে ধৰি ছিঙি যোৱাত যাতায়তৰ বাবে বিপদ সংকুল হৈ পৰিছে।দুই এজন ব্যক্তি খোজ কাঢ়ি আৰু দুই এখন দুচকীয়া বাহন অহা যোৱা কৰিছে যদিও যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে। সেই দলংখনেৰে অহা যোৱা কৰা গাওঁ বাসীৰ ভাষ্য অনুসৰি দলংখনেৰে গাড়ী মটৰ অহা যোৱা কৰিব নোৱাৰাৰ বাবে ৰোগী, স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে আদি কৰি যাত্ৰী সকলে এতিয়া প্ৰায় ২০ কিলোমিটাৰ পথ অতিক্ৰম কৰি লংটং হৈ অহা যোৱা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। যাৰ ফলত বৰ্তমান গাঁৱৰ ৰাইজে না না ধৰণৰ সমস্যাৰ সন্মুখীন হব লগা হৈছে। গাওঁ বাসীৰ এটাই আহ্বান বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰ আৰু স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা দেৱে অতি সোনকালে এই লিডু-বিচাগাওঁ সংযোগী ওলমা দলংখনৰ ঠাইত এখন স্থায়ী পকী দলং নিৰ্মাণ কৰি পঞ্চাছ খনকৈ গাঁৱৰ ৰাইজৰ যোগাযোগ আৰু যাতায়ত ব্যৱস্থা সুচল কৰি তোলে যেন।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…
- গ্ৰীষ্মকালত এই ৫ বিধ শাক-পাচলি কিনিবলৈ নাপাহৰিব, শৰীৰ ঠাণ্ডা ৰখাৰ লগতে পেটৰ বিষ কমায়…