এইবছৰ শিৱসাগৰ জিলাৰ ২০২১বৰ্ষৰ কৃতী শিক্ষক বঁটা প্ৰদান অনুষ্ঠানত নাজিৰা মহকুমাৰ তিনিজন শিক্ষাগুৰুক পাৰদৰ্শী শিক্ষক বঁটা প্ৰদান কৰাত নাজিৰা মহকুমাৰ সংশ্লিষ্ট বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলে সন্তুষ্টি প্ৰকাশ কৰিছে।উল্ললেখ্য যে অসমৰ ভিতৰত প্ৰথমবাৰৰ বাবে এইবাৰ শিৱসাগৰ জিলা কৃতী শিক্ষক বঁটা প্ৰদান দুটা ভাগত ভাগ কৰা হয় ।নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি বিদ্যায়তনিক আৰু অবিদ্যায়তনিক দিশৰ ওপৰত ভিত্তি কৰি প্ৰথমবাৰৰ বাবে শিৱসাগৰ জিলা ৰ পৰা আৰম্ভ কৰা হয়।সেই অনুসৰি জিলা শিক্ষক বঁটা ২টা ভাগত ভাগ কৰি প্ৰদান কৰা হয়।প্ৰথম জিলা কৃতী শিক্ষক বঁটা আৰু পাৰদৰ্শী শিক্ষক বঁটা প্ৰদান কৰা হয় ৫চেপ্তেম্বৰত শিৱসাগৰ জিলাত অনুষ্ঠিত শিক্ষক বঁটা প্ৰদান অনুষ্ঠানত ।এই অনুষ্ঠান ত জিলাখনৰ ১৬গৰাকী শিক্ষক-শিক্ষয়িত্ৰী ক পাৰদৰ্শী শিক্ষক বঁটা প্ৰদান কৰা হয়।নাজিৰা মহকুমাৰ তিনিজন শিক্ষা গুৰুক এই পাৰদৰ্শী শিক্ষক বঁটা প্ৰদান কৰা হয়।নাজিৰা মহকুমাৰ পাৰদৰ্শী শিক্ষক বঁটা লাভ কৰা শিক্ষা গুৰুসকল হৈছে মেজেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক অমূল্য শইকীয়া,নাজিৰা বৰতল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়ত্ৰী নিবেদিতা গগৈ আৰু বাঁহগড় ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নয়নমনি কলিতা।মেজেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক অমূল্য শইকীয়াক পাৰদৰ্শী শিক্ষক বঁটা প্ৰদান কৰাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী,কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী সকলৰ লগতে মেজেঙাবাসী ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাইলাকান্দিত আৰক্ষীৰ জালত প্ৰৱঞ্চক ব্যৱসায়ী আব্দুল ৰজ্জাক…
- ৫০ হাজাৰ চাকৰি ওলাব, ছোৱালীৰ বাবে ১৫ হাজাৰ চাকৰি থাকিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…
- তৃতীয় পর্যায়ৰ নির্বাচনঃ ৫ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা ৭ মে’ৰ সন্ধিয়া ৫ বজালৈকে চাৰি লোকসভা সমষ্টিত ড্রাই ডে’ ঘোষণা…
- দলগাঁৱৰ পাণবাৰীত দৰিদ্ৰ মহিলাক গছত হাত-ভৰি বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ…
- শহুৰেকৰ যৌতুকৰ দাবী মানি নলৈ কন্যাক ঢোলে-দগৰে শহুৰেকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ আনিলে পিতৃয়ে…
- জোনাইত শোকাৱহ পথ দুৰ্ঘটনাত মুত্যু গিৰিশ পেগু নামৰ যুৱকজনৰ…
- বেছিভাগ মানুহৰে পেট বঢ়া! বঢ়া পেট কমাব কেনেকৈ? শিকি লওক টিপচ…
- কালদিয়া নৈত সন্ধানহীন কিশোৰীৰ সন্ধানত SDRFৰ অভিযান…
- খোৱাৰ পিছতো ভোক লাগে নেকি? নিশ্চয় এই ৫টা ভুল কৰিছে…
- ভয়ংকৰ বতাহ-বৰষুণৰ সম্ভাৱনা! বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert, ক’ত, ক’ত হ’ব বৰষুণ…