ধুবুৰীত কি চলিছে? চিকিৎসাৰ নামত চৰকাৰী ভাবে আগবঢ়োৱা চেলাইন লগাই অসুস্থ একাংশ ৰোগী।ৰোগীৰ আত্মীয়ৰ মাজত লাগিছে হাহাকাৰ।নাৰ্চে আহি লগাইছিল ম্যাদ উকলি যোৱা চেলাইন।হস্পিতালত মেডিচিনৰ বৃহৎ চিণ্ডিকেট চলাৰ অভিযোগ।
মৃত্যু দূতত পৰিণত এতিয়া ধুবুৰীৰ অসামৰিক চিকিৎসালয়।ৰোগীৰ চিকিৎসাৰ নামত চৰম গাফিলতি স্বয়ং চিকিৎসালয় কৰ্তৃপক্ষৰ।ৰোগীক মেডিচিন দিয়াৰ নামত ভয়ঙ্কৰ দুৰ্নীতি পোহৰলৈ।আজি দীৰ্ঘ দিনেই ৰোগীক ম্যাদ উকলি যোৱা চেলাইন লগাই চলি আহিছিল চিকিৎসা।চিকিৎসালয় লৈ অহা বহু দুখীয়া ব্যক্তিক ৰাম চিকিৎসাৰ নামত ৰাম ঠগণ দি একাংশ চিকিৎসক, নাৰ্চ আৰু হস্পিতাল কৰ্তৃপক্ষয়
মেডিচিন ৰ নামত চলাই আহিছে অবাধ ছিণ্ডিকেট।ৰোগীক ম্যাদ উকলি যোৱা মেডিচিন আৰু চেলাইন যোগান ধৰি একপ্ৰকাৰ হাজাৰ জাহাৰ ৰোগীৰ জীৱনৰ সৈতে ধেমালি কৰি আহিছে হস্পিতাল কৰ্তৃপক্ষই।আনপিনে চৰকাৰী ভাবে যোগান ধৰা মেডিচিন আৰু চেলাইনকলৈও বৃহৎ ছিণ্ডিকেটৰ অভিযোগ উত্থাপিত হৈছে অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে।
আজি ধুবুৰীৰ মহিলা কক্ষত কেইবাজনো ৰোগীক ম্যাদ উকলি যোৱা চেলাইন লগোৱাৰ পিছে পিছেই ৰোগী সকল অসুস্থ হৈ পৰাত হুয়া দুৱা লাগে আত্মীয় লৰ মাজত অৱশেষত ম্যাদ উকলি যোৱা চেলাইন লগোৱা বিষয় টো পোহৰ লৈ অহাৰ পাছতেই ক্ষোভিত হৈ পৰে আত্মীয় সকল।লগে লগে চিকিৎসক আৰু নাৰ্চৰ দল উপস্থিত হৈ বিষয় টো গাপ দিয়াৰ বা আত্মীয় সকলোক মেনেজ কৰাৰ বাবে চেষ্টা চলায় যদিও ক্ষোভিত জনতাই সংবাদ মাধ্যমক খবৰ দিয়াত সাংবাদীৰ দল উপস্থিত হোৱাত কেমেৰাৰ সন্মুখত এইদৰে কয়।, আনহাতে এই বিষয়ে দায়িত্বত থকা চিকিৎসকক প্ৰশ্ন কৰাৰ চিকিৎসক গৰাকী ও সমগ্ৰ বিষয় টো গাপ দিয়াৰ চেষ্টা চলায়।অকল চিকিৎসকেই নহয় নাৰ্চ আৰু একাংশ মেডিচিন মৰ দায়িত্বত থকা কৰ্মচাৰীয়ে ও সাংবাদিকৰ সৈতে সমগ্ৰ বিষয়টো গাপ দিয়াৰ বাবে সাংবাদিকৰ দলক বাধা দিয়াৰ চেষ্টা চলায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…