আৰম্ভ হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ বতৰ, ইটোৰ পিছত সিটো নাট্যদলে আৰম্ভ কৰিছে আখৰা।ক’ৰোনা মহামাৰীয়ে জুৰুলা কৰা সংস্কৃতিৰ পথাৰখন জীপাল কৰাৰ প্ৰয়াসেৰে সাজু হোৱা প্ৰনৱ বৰ্মনৰ প্ৰযোজিত থিয়েটাৰ বীণাপাণি ইতিমধ্যে প্ৰস্তুতি সম্পূর্ণ কৰিছে । কৰোনা ভাইৰাছৰ আতংক আৰু চৰকাৰী নীতি নিৰ্দেশনাৰ বাবে যোৱা বৰ্ষৰ নাট্যযাত্রা বাতিল হোৱাৰ পিছত এবুকু আশা বুকুত বান্ধি চলিত ২১-২২ নাট্যবৰ্ষৰ বাবে আগবাঢ়িছে নাট্যদলটিয়ে। চলিত নাট্যবৰ্ষত থিয়েটাৰ বীণাপাণিৰ মঞ্চত দেখিবলৈ পোৱা যাব তিনিজন নাট্যকাৰৰ তিনিখন ভিন্ন ৰসৰ নাটক নাট্যকাৰ অভিজিৎ ভট্টাচার্যৰ “কলংকিনী ৰাধা”, নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ “বলিদান” আৰু সতীশ দাসৰ “মহা মিলন”। আনহাতে আগন্তুক নাট্যবৰ্ষত বীণাপাণিৰ মঞ্চত বহুতো ন পুৰণি অভিনেতা অভিনেত্রীৰ অভিনয়ৰ সমাহাৰ ঘটিব যত অভিনয় কৰিব বলিষ্ঠ অভিনেতা কৃষ্ণমনি নাথ, চম্পক শৰ্মা,ৰাজীৱ শৰ্মা, পল্লৱ দিক্ষীত, সঞ্জীৱ বৈশ্য, প্ৰিয় বৰ্মন, কংকন দেৱনাথ, আলু খ্যাত গৌৰাংগ, হেলেনা আখটাৰ, লীজা বৰা,বৰ্নালী পাঠক আৰু বহুতো। তাৰোপৰি মহাদেৱ বৰ্মন, অজয় চৌধুৰী, কোকিল ভাগৱতীয়ে প্ৰতিনিধিত্ব কৰা থিয়েটাৰ বীণাপাণিৰ সম্পাদকৰ দায়িত্বত আছে ৰাজীৱ শৰ্মা আৰু কৰেন বৰ্মন। সম্পাদকে জানিব দিয়া মতে ১৬ ছেপ্টেম্বৰত বনিয়াকুছিস্থিত বীণাপাণি থিয়েটাৰৰ স্থায়ী আখৰা গৃহত শুভ নাট্যাৰম্ভ কৰিব নাট্যদলটোৱে। সমূহ নাট্যপ্ৰেমী ৰাইজৰ সহযোগিতা আৰু আশীর্বাদ বিচাৰিছে থিয়েটাৰ বীণাপাণিৰ প্ৰযোজক পৰিচালক শিল্পী কলাকুশলী সকলে।

