লাহৰীঘাট বাছ আস্থানৰ এটি পথৰ দুৰৱস্হাই জীয়াতু ভোগাইছে পথচাৰীক । মৰিগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তৰ্গত লাহৰীঘাট বাছ আস্থানৰ মূল গড়কাপ্তানী পথৰ উত্তৰে বৰখাঁবল গাৱলৈ যোৱা ব্যস্ততা পূর্ণ পথটি সম্প্রতি বাৰিষা কাল আৰম্ভ হোৱাৰ পিছৰে পৰা প্ৰায় ৫০ মিটাৰ পথৰ দুৰৱস্হাই জীয়াতু ভোগাইছে পথচাৰীক। অলপ বৰষুণ দিলেই সৃষ্টি হয় কৃতিম বানপানীৰ। পথৰ দুয়োকাষে ওখ হোৱাৰ ফলত পানী ওলাই যাব নোৱাৰাত অনবৰতে জমা হৈ থাকে পানী। আনহাতে কেবা বছৰ ধৰি পথটি মেৰামতি নকৰাত সম্প্রতি পথটিৰ মাজে মাজে সৃষ্টি হৈছে গাঁতৰ। উল্লেখ্য যে এই পথটিৰে দৈনন্দিন অহৰহ বাইক, অটৰিক্সা, ই ৰিক্সা, চাইকেল, ঠেলা, চাৰিচকীয়া বাহন, প্ৰয়োজন সাপেক্ষে গধুৰ যানবাহনো চলাচল কৰে। ইয়াৰ উপৰিও স্কুল – কলেজৰ ছাত্র ছাত্রীকে আদি কৰি পথচাৰী সকলেও অনবৰতে অহা যোৱা কৰা পৰিলক্ষিত হয়। । ভুক্তভোগী সকলৰ এনে দুৰবস্থা তিনিবাৰকৈ বিধায়ক হোৱা আমিনুল ইছলামৰ চকুত পৰাৰ বাবে এই Ground report চৰকাৰৰ ওচৰত দাঙি ধৰা হ’ল ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মহাৰাষ্ট্ৰ কংগ্ৰেছে নিদিলে এজনো মুছলমান প্ৰাৰ্থী, দলৰ ভিতৰতে বিদ্ৰোহ আৰম্ভ…
- লোকসভা নিৰ্বাচনত পূৰ্বৰ তুলনাত কমিল ভোটদানৰ হাৰ, বিভিন্ন ঠাইত ভোট বৰ্জনৰ ঘটনা…
- বিশ্বত প্ৰথমবাৰৰ বাবে ছালৰ কৰ্কট ৰোগৰ ভেকছিনৰ সফল পৰীক্ষণ সম্পন্ন…
- ২৬/১১ মুম্বাই কাণ্ডৰ প্ৰধান অভিযুক্ত আজমল কাছাবক ফাঁচীকাঠত ওলোমোৱা আইনজীৱী উজ্জ্বল নিকামে লাভ কৰিলে বিজেপিৰ টিকট
- কংগ্ৰেছৰ এই যুঁজ দেশক ৰক্ষা কৰা আৰু দেশৰ সংবিধানক ৰক্ষা কৰাৰ যুঁজঃ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে
- কৰ্ণাটকত কংগ্ৰেছৰ ক্ষতি কৰিছে ডি কে শিৱকুমাৰ বা সিদ্ধাৰামাইয়াইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…
- ইউৰোপীয় ইউনিয়নৰ খাদ্য সুৰক্ষা কৰ্তৃপক্ষৰ ভয়ংকৰ তথ্য! ভাৰতৰ ৫২৭ বিধ খাদ্যত পোৱা গৈছে কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থ…
- অভিনেতা চুনু ছুদৰ হোৱাটছএপ একাউণ্ট ব্লক! ৩৬ ঘণ্টাৰো অধিক সময় হোৱাটছএপ বন্ধ হৈ থকাত প্ৰতিক্ৰিয়া প্ৰকাশ অভিনেতাগৰাকীৰ…
- সাগৰীয় ঘূৰ্ণি টৰ্ণেডোত ৫জনকৈ লোকৰ মৃত্যু দক্ষিণ চীনৰ গুয়াংঝৌত…
- এই ৩টা অভ্যাস তৎক্ষণাত এৰি দিয়ক, নহ’লে সলনি কৰক এই ৩টা অভ্যাস…