মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষ্যে আজি হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে নামঘৰ নগৰী খ্যাত জামুগুৰিহাটৰ আকাশ বতাহ।বিগত বৰ্ষত কৰ’ণা মহামাৰীৰ পৰিপেক্ষিতত তিথি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসুবিধা আহি পৰিছিল যদিও এইবেলি চৰকাৰে কম সংখ্যক লোকৰ উপস্থিতিত ধৰ্মীয় কামকাজ সমুহ চলাই নিয়াৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰাত অসমৰ অন্যান্য প্ৰান্তৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষ্যে জামুগুৰিহাটৰ নামঘৰ- সত্ৰত পুৱাৰ পৰাই এক ব্যৱস্থাপূৰ্ণ তথা উদুলি মুদুলি পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হয়।জামুগুৰিহাটৰ প্ৰতিটো নামঘৰেই গুৰুজনাৰ তিথি উললক্ষ হৰি নামৰ অমৃয়া সুৰৰে মুখৰিত হৈ পৰে।অৱশ্যে অঞ্চলটোৰ কোঁছগাওত গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনা পৰম্পৰাগত ভাৱে অনুষ্ঠিত কৰি অহা কালিয়দমন দমন ভাওনা এইবাৰো কভি’ড জনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদযাপন সমিতিয়ে অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।ভাওনা অনুষ্ঠিত নহ’লেও আজি পুৱাৰ পৰাই কোঁছগাওৰ কালিয়দমন ক্ষেত্ৰত শৰাই শলিতা নৈবেদ্যৰ লগতে চাকি বন্তি জ্বলাবলৈ অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ অহা পৰিলক্ষিত হয়।ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত বৈকুণ্ঠপুৰীত পৰিণত হয় কালিয়দমন ক্ষেত্ৰ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গুৱাহাটী বিমানবন্দৰত প্ৰথম মুখপত্ৰ ‘এল জি বি আই এ ক্ৰনিকেল’ উন্মোচন
- দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে ”দৈনন্দিন বাৰ্তা” গোষ্ঠীৰ তৰফৰ পৰা বৰপেটাৰ ড° বিৰিঞ্চি কুমাৰ দাস আৰু নাৰায়ণ দাসক সম্বৰ্ধনা…
- শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ বিশ্ব বিদ্যালয়ৰ সম্পৰ্ক অভিযানৰ শুভাৰম্ভ…
- ৩৯ সংখ্যক চৰকাৰী পেঞ্চনাৰ সন্থাৰ সাধাৰণ অধিৱেশনত শিক্ষাবিদ ডঃ হিতেশ ডেকা…
- ৰাজ্যিক ফুটছাল চেম্পিয়ন গুৱাহাটী চিটী এফচিক প্ৰাইজমানী প্ৰদান…
- এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক অৰ্জন কৰা খেলুৱৈ ৰ’দালি বৰুৱাক আন্তৰিক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত দ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কাৰ্যকলাপ বিভিন্ন বিষয় তথা আনুষংগিক দলীয় বিষয় সভাত পৰ্যালোচনা…
- চাপৰৰ হৰ্দেমাৰাত দুই ফৈদৰ মাজত সংঘটিত ভয়ংকৰ মাৰপিট…
- ডিব্ৰুগড়ত চি আৰ পি এফ ১৭১ বেটেলিয়নৰ গ্ৰন্থ বিতৰণ…
- বইটামাৰীৰ তালগুৰীত টুনীয়া নৈৰ খহনীয়াৰ কবলত ৰাজহুৱা শ্মশান সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ উপক্ৰম…