অসম জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা – বিশিষ্ট সমাজসেৱী বিতুল শইকীয়া ( ৬৫ ) আজি পুৱাভাগত ডিমৌ ৰজাবাৰীস্থ চুপাৰ স্পেচিয়েলিচ চিকিৎসালয়ত পৰলোক প্ৰাপ্তি ঘটে । নাজিৰা মহকুমাৰ পানীবিল গোমোঠাত জন্মগ্ৰহণ কৰা বিতুল শইকীয়া ৮০ ৰ দশকত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থাকি সমাজৰ বিভিন্ন উন্নয়ন মূলক কাম – কাজৰ মাজেৰে অগ্ৰসৰ হোৱাৰ সমান্তৰালভাৱে পানীবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সহকাৰী শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত শিৱসাগৰ পোনজানত স্থায়ীভাৱে বসবাস কৰে । গোমোঠা নৱজ্যোতি যুৱ সমাজৰ প্ৰতিষ্ঠাৰ লগতে পোনজান নামঘৰৰ প্ৰতিষ্ঠা আৰু গৌৰৱ নগৰ নামঘৰ পৰিচালনা সমিতিৰ উপ সভাপতি হিচাপেও সমাজ সেৱা কৰ্মত অৰিহণা যোগাই আহিছিল । মৃত্যুৰ সময়ত পৰিবাৰ , এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান সহ পৰিয়ালক ইহসংসাৰত এৰিথৈ গৈছে । তেখেতৰ মৃত্যুত অসম জাতীয়তাবাদী যুৱ – ছাত্র পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতি , গোমোঠা নৱজ্যোতি যুৱ সমাজ , শিৱসাগৰ পোনজান নামঘৰ আৰু গৌৰৱ নগৰ নামঘৰ পৰিচালনা সমিতিকে ধৰি বিভিন্ন অনুষ্ঠান – প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ডিমৌ কোঁৱৰ গাঁৱৰ যুৱ সমাজৰ উদ্যোগত কীৰ্তি ছাত্র-ছাত্ৰীক অভিনন্দন, ডক্টৰেট ডিগ্রী লাভ কৰা ড০ দীপশিখা কোঁৱৰ; ড০ বিকাশ ৰঞ্জন কোঁৱৰক সম্বৰ্ধনা…
- মৰিগাঁও জিলা “উচুঁ” চেম্পিয়নশ্বিপত উজলিল লাহৰীঘাট উচুঁ ক্লাৱ, ৫ টা সোণ আৰু ১ টা ব্ৰঞ্জৰ পদক লাভেৰে গৌৰৱ কঢ়িয়ালে লাহৰীঘাট উচুঁ ক্লাৱে…
- দক্ষিন নাৰায়ণপুৰ গাঁও পঞ্চায়তত সচিব পলি দত্তৰ যোগদান; ৰাইজে জনালে অভিনন্দন…
- ভাৰতীয় পৰীক্ষাত দৰং সন্তান ৰাজদ্বীপ ডেকাৰ কৃতিত্ব…
- মুছলমানৰ জনসংখ্যা ৰোধ কৰিবলৈ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰনয়ন কৰক চৰকাৰেঃ প্ৰবীন ভাই টোগাড়িয়া
- ঘুৰাই পাব IPLৰ টিকটৰ ধন! দুদিনৰ ভিতৰত ঘূৰাই দিয়া হ’ব IPLৰ বাতিল হোৱা খেলৰ টিকটৰ মূল্য…
- মাধৱদেৱ বিশ্ববিদ্যালয়ত জোনমণি বৰাৰ উপন্যাস ‘অৱগুন্থন’ উন্মোচন…
- গ্ৰীষ্মকালত এই ৩টা ফল খালে মেদবহুলতা আৰু ছালৰ সমস্যা দূৰ হ’ব…
- টেঙাখাত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সাফল্য…
- প্ৰকৃতিৰ তাণ্ডৱ! বজ্রপাতত নলবাৰীত বিস্তৰ ক্ষতি সাধন…