যোৱা ৬ ছেপ্টেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত অসমৰ ১০ গৰাকী ব্যক্তিক অসমীয়া সাহিত্য সমাজ সাংস্কৃতিক সেৱা মঞ্চ অসমৰ পৰা অসম গৌৰৱ সন্মান বটা-২০২১ প্ৰদান কৰে।তাৰ মাজত সদৌ বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ সভাপতি তথা বেংবাৰী বামুণ্ডী সত্ৰৰ কনিষ্ঠ সত্ৰাধিকাৰ তীৰ্থ ৰঞ্জন গোস্বামীয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ওডালগুৰি জিলাৰ শ্ৰীশ্ৰীবেংবাৰী বামুণ্ডী সত্ৰৰ কনিষ্ঠ সত্ৰাধিকাৰ শ্ৰীতীৰ্থৰঞ্জন গোস্বামী শাস্ত্ৰীদেৱক এই বটা প্ৰদান কৰা হয়।
সংস্কৃত বিষয়ৰ শিক্ষক শ্ৰীগোস্বামী বৈদিক জ্যোতিষ বিষয়ত যথেষ্ট অধ্যয়নপুষ্ট ব্যক্তি। তেওঁ ভাৰতীয় জ্যোতিষ অধ্যাত্ম গৱেষনা পৰিষদ নামৰ অনুস্থানৰ পৰা “জ্যোতিষ ৰত্ন”উপাধি লাভ কৰিছে।যোৱা ২০২০বৰ্ষৰ প্ৰথমটো সূৰ্য গ্ৰহন সম্পৰ্কে ভৱিষ্যতবানী কৰি জনপ্ৰিয়তা
অৰ্জন কৰাৰ লগতে জ্যোতিষ বিষয়ক বিভিন্ন প্ৰৱন্ধ,বিভিন্ন কৰ্মশালাত অংশ গ্ৰহন তথা জ্যোতিষ বিষয়ক গৱেষনা অব্যাহত ৰাখিছে।বিভিন্ন সামাজিক অনুস্থান-প্ৰতিস্থানৰ লগত জড়িত গোস্বামীদেৱ অসম সাহিত্য সভাৰ আজীৱন সদস্যৰ লগতে সদৌ অসম কবি সন্মিলনীৰ ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰি আছে। “ৰত্নগিৰি জ্যোতিষ অধ্যাত্ম কেন্দ্ৰ “নামৰ প্ৰতিস্থানটোৰ অবৈতনিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।উক্ত প্ৰতিস্থানটোত ইতিমধ্যে বহুসংখ্যক জ্যোতিষ বিষয়ৰ ছাত্ৰ -ছাত্ৰীয়ে অধ্যয়ন কৰি আছে।জ্যোতিষ বিষয়ত পাৰদৰ্শিতাৰ বাবে এই বটা গোস্বামীদেৱক প্ৰদান কৰা হৈছে।”মুক্তেশ্বৰী দেৱালয়ৰ ইতিবৃত্ত “,”এমুঠি জোনাক”তেওৰ প্ৰকাশিত স্বৰচিত পুথি ।তাৰোপৰি ওদালগুৰি জিলাৰ বিভিন্ন সামাজিক অনুস্থানৰ মুখপত্ৰ, আলোচনী আদিৰ সম্পাদনাৰ লগত জড়িত। সহজ-সৰল প্ৰকৃতিৰ শ্ৰীশ্ৰীবেংবাৰী বামুণ্ডী সত্ৰৰ কনিষ্ঠ সত্ৰাধিকাৰ গোস্বামীদেৱে অসম গৌৰৱ সন্মান বটা লাভ কৰাত বিভিন্ন দল সংগঠন আৰু ব্যক্তি বিশেষে শুভেচ্ছা জ্ঞাপন কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চাইনি এণ্ড তাজহেল্পিং হেণ্ড ছ’চিয়েল ফাউণ্ডেশ্যনৰ উদ্যোগত সামগ্রী বিতৰণ…
- চীন অধিকৃত তিব্বত সংযোগী পথ আৰু হেলিপেড নিৰ্মাণত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ বি আৰ অ’ৰ ! পথ দুৰ্ঘটনা ৰোধৰ বাবেও বিশেষ কৌশল…
- চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ নিৰ্মম প্ৰহাৰত আহত চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰী ! ঘটনা সন্দৰ্ভত থানাত গোচৰ…
- শাস্তিৰ নামত ৭ বছৰীয়া ফুলকুমলীয়া শিশুক নিৰ্যাতনৰ অভিযোগ চিলাপথাৰ ডন’বস্ক হাইস্কুলৰ এগৰাকী ছাত্ৰীৰ অভিভাৱকৰ…
- দুমুনীচকীত ভয়ংকৰ চুৰিকাণ্ড! মোবাইল ফোনসহ সোণৰ আ-অলংকাৰ লুটি নিলে চোৰে…
- সোণতলীত বৰলুইত শিল্পী সমাজৰ সমিতি গঠনঃ ২৬ মে’ত শপত গ্ৰহণ…
- হাৱাইপুৰ হাজাগআফেৰত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা, প্ৰদান কৰিলে ৫০ হাজাৰ টকাৰ চেক; উপস্থিত মন্ত্ৰী নন্দিতা গাৰ্লোচা…
- হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ…
- এনেকৈয়ে আহে আধুনিকতা…
- বিলাসীপাৰাৰ ব’হাগী উৎসৱত কঁকাল ভাঙি নাচিলে আঙুৰলতা ডেকাই…