আজি হোজাই জিলাৰ মাননীয় উপায়ুক্ত অনুপম চৌধুৰীৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত ৯০ নং যমুনামুখ বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক চিৰাজ উদ্দিন আজমল, ৯১ নং হোজাই বিধানসভা সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু ৯২ নং লামডিং বিধান সভা সমষ্টিৰ বিধায়ক শিবু মিশ্ৰৰ প্ৰতিনিধিৰ উপস্থিতিত হোজাই জিলাত অসম আদৰ্শ গ্ৰাম যোজনা ৰূপায়ণৰ ওপৰত এক উচ্চস্তৰীও পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈ যায়।বৈঠকত হোজাই জিলাত অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত হোজাই জিলাস্থিত তিনিওটা বিধান সভা সমষ্টিৰ প্ৰতি সমষ্টিত নিৰ্বাচিত দুখনকৈ গাওঁৰ সৰ্বাঙ্গীন উন্নতি সাধনৰ লক্ষ্যৰে সংশ্লিষ্ট প্ৰতিটো বিভাগে ৰূপায়ন কৰিবলগীয়া নিজৰ নিজৰ কামৰ পৰিকল্পনা আৰু ব্যয়ৰ হিচাবৰ ওপৰত বিস্তৃতভাবে আলোচনা কৰা হয়। উপস্থিত বিধায়ক সকলে এই ক্ষেত্ৰত বিভিন্ন মূল্যৱান পৰামৰ্শ দিয়াৰ লগতে পূর্ণ সহযোগিতা প্ৰদানৰ কথা উল্লেখ কৰে।বৈঠকত উপায়ুক্ত মহোদয়ে উপস্থিত সংশ্লিষ্ট বিভাগ সমূহৰ মূৰব্বী বিষয়া সকলক আদর্শ গ্ৰাম যোজনাৰ অধীনত ৰূপায়ন হবলগীয়া প্ৰতিটো উন্নয়নমূলক কাম নিষ্ঠাৰে, সন্মিলিত ভাবে আৰু সমন্বয়ৰে কৰি যাবলৈ আহ্বান জনায়। আজিৰ এই পৰ্যালোচনা বৈঠকত হোজাই জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া দেৱাশীষ বৈশ্য, অতিৰিক্ত উপায়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্ম, হোজাই জিলা পৰিষদৰ অধ্যক্ষ ৰমাৱালা দেৱী, চক্ৰ বিষয়া সকল, খণ্ড উন্নয়ন বিষয়া সকল প্ৰমুখ্যে সংশ্লিষ্ট বিভাগ সমূহৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- জিএমচিএইছৰ ধাত্ৰী কোষৰ প্ৰথমখন স্মৰণিকা “নাইটিংগেল” উন্মোচন
- তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ লক্ষ্য ! বাৰাণসীত বিজেপিৰ হেভিৱেট নেতাৰ সৈতে গৈ মনোনয়ন দাখিল কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
- অসফল শিক্ষাৰ্থীৰ কথাও ভাবক, শিক্ষাৰ মান বাঢ়িব
- ৰূপনগৰত “ব’হাগৰ অন্তিমটো দিনত” সাহিত্য-সংস্কৃতিৰ মনোৰম আড্ডা
- প্ৰথম বেটেলিয়ান এছএছবিৰ উদ্যোগত স্বাস্থ্য সজাগতা আৰু বিনামূলীয়া আয়ুৰ্বেদিক চিকিৎসা শিবিৰ
- সপ্তম ৰাষ্ট্ৰীয় মিক্সড মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপত অসমৰ সাফল্য ! ৭ টা সোণসহ মুঠ পদক ১৭ টা
- গুৱাহাটী মহানগৰৰ চছলত বহাগী উৎসৱৰ সফল সামৰণি…
- এদল প্ৰতিভা সম্পন্ন যুৱক-যুৱতীৰ প্ৰচেষ্টাত নিৰ্মাণ এখন নতুন অসমীয়া কথাছবি ! “টিলিকা গুণ্ডা”ৰ প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহণ পূৰ্ণগতিত…
- শিল্পী জুবিন গাৰ্গক কােনে দিলে কবিতা উপহাৰ…
- মহাপুৰুষ শ্ৰীশ্ৰী গোপালদেৱৰ ৪১৩ সংখ্যক তিৰোভাৱ আৰু ৪৮৩ সংখ্যক আবিৰ্ভাব তিথি…