কাজিৰঙাৰ জনাঞ্চলত ঢেঁকীয়াপতীয়া বাঘৰ আতংক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ৰ দাতিকাষৰীয়া কলিয়াবৰ মহকুমাৰ বাঘমাৰীত ঢেঁকীয়াপতীয়া বাঘ (Tiger)ৰ আতংক। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা পুখুৰীৰ মেটেকাৰ মাজত অৱস্থান গ্ৰহণ কৰিছে ঢেঁকীয়াপতীয়া বাঘটোৱে। পুৱতি নিশা বাঘটো ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বুলি সন্দেহ কৰিছে স্থানীয় লোকে।

স্থানীয় লোকে সন্দেহ কৰা মতে দুটা বাঘৰ মাজত হোৱা পাৰস্পৰিক যুঁজৰ পিছত আঘাতপ্ৰাপ্ত হোৱাত বাঘটো বৰ্তমান আশ্ৰয় লৈছে পুখুৰীটোত। ঘটনীস্থলীত বন বিভাগৰ লগতে উপস্থিত হৈছে আৰক্ষীৰ লোক।

বাঘটো আশ্ৰয় লৈ থকা পুখুৰীটোৰ সমীপত আছে কেইবাঘৰ লোক। অনাকাংক্ষিত যিকোনো পৰিস্থিতিৰ বাবে খালী কৰিবলৈ দিয়া হৈছে বহুকেইটা ঘৰ। বাঘটোক ট্ৰেংকুইলাইজ কৰাৰ বাবে যাৱতীয়া ব্যৱস্থা সাজু কৰি ৰাখিছে পানবাৰী বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰই।

Related Articles