চাপৰত পিষ্টল সহ দুজন লোকক আটক

ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ মাজতে শুক্ৰবাৰে ধুবুৰী জিলাৰ চাপৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি অভিযান চলাই দুটা পিষ্টল সহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়। জানিব দিয়া মতে লোক দুজন AS19E-4960  নম্বৰৰ এখন পালচাৰ বাইকেৰে বিলাসীপাৰা অভিমুখে আহি থকা অবস্থাত চাপৰ আৰক্ষী আৰু শালকোচা আৰক্ষীৰ সহযোগত লোক দুজনক আটক কৰিবলৈ সক্ষম হয়।লোক দুজনৰ পৰা এটা 9MM পিষ্টল, এটা 7.6MM পিষ্টল আৰু এটা সজীৱ গুলি জব্দ কৰে। আটোকাধীন লোকদুজন ক্ৰমে গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত মজামেল হোক আৰু আনজন বাছিৰুল হোক বুলি জানিব দিয়ে। আটোকাধীন লোকদুজনক ইতিমধ্যে  চাপৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Related Articles