গোলাঘাটত পুনৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা পলায়ন কৰিছে এজন দুধৰ্ষ অপৰাধীয়ে ।অভিযোগ অনুসৰি আৰক্ষীৰ হেমাহিৰ বাবেই কটকটীয়া বেষ্টনীৰ পৰা পলায়ন কৰিবলৈ সুবিধা পাই দুধৰ্ষ অপৰাধী বিমান বৰাই।জানিব পৰা মতে, হত্যা,অপহৰণ,ডকাইতি আদি নানান গোচৰত অভিযুক্ত বোকাখাতৰ এই কুখ্যাত অপৰাধীটো। একাধিক গোচৰত অভিযুক্ত অপৰাধীটো ২০১৬ চনৰ পৰাই গোলালাঘাটৰ লগতে উজনি অসমৰ বিভিন্ন ঠাইত অপৰাধৰ বৃহৎ সাম্ৰাজ্য গঢ়ি তুলিছিল । আৰক্ষী সূত্ৰে প্ৰকাশ যে ২০১৭ চনত ৰুজু হোৱা এই গোচৰ সন্দৰ্ভত বোকাখাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কুখ্যাত অপৰাধীটোক। দীৰ্ঘদিন ধৰি গোলাঘাট জিলা কাৰাগাৰৰ কয়দী আছিল বিমান।যোৱা ৩১ আগষ্ট তাৰিখে কিছু শাৰিৰীক অসুস্থতাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কাৰাবন্দী চিকিৎসা কক্ষত ভৰ্তি কৰোৱা হৈছিল অপৰাধীটোক। ৭ ছেপ্টেম্বৰত চিকিৎসকৰ পৰামৰ্শ অনুসৰি এক্সৰে কৰিবলৈ বুলি কাৰাবন্দী কক্ষৰ পৰা এক্সৰে চেন্টাৰলৈ নিয়া হৈছিল বিমানক।আৰু তাতেই সংঘটিত হ’ল ঘটনাটো।আৰক্ষীৰ হেমাহি আৰু গাফিলতিৰ বাবেই এক্সৰে কক্ষৰ পৰা পলায়ন কৰিছিল কুখ্যাত অপৰাধীটোৱে । উল্লেখযোগ্য যে আৰক্ষীয়ে সমগ্ৰ ঘটনাটোত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি মৌন হৈ থকা পৰিলক্ষিত হৈছিল।অৱশ্যে সংবাদ মাধ্যমে সকলো কথা জানিব পৰাত আৰক্ষীয়ে তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে।অভিযোগ অনুসৰি চিকিৎসালয়খনৰ আৰক্ষী আউটপোষ্টত থকা আৰক্ষীয়ে কৰা কামৰ গাফিলতিৰ বাবেই দুধৰ্ষ অপৰাধীটো পলাবলৈ সক্ষম হ’য়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্তই ভোটদান কৰিলে বৰক্ষেত্ৰীত…
- লোকগীত গাই গাই ভোটাধিকাৰ সাব্যস্ত কৰিলে মহিলা ভোটাৰে…
- গৰমৰ দিনত কেঁচা জলকীয়া শুকাই যায় নেকি? কেঁচা জলকীয়া সতেজ কৰি ৰখাৰ উপায়…
- ভাৰতীয় শ্বেয়াৰ বজাৰত চেন্সেক্সৰ ১৪টা ষ্টক বৃদ্ধি…
- বাতবিষ আৰম্ভ হোৱাৰ ৩ বছৰ পূৰ্বে ইয়াৰ লক্ষণসমূহ দেখা যায় বুলি প্ৰকাশ পাইছে এক গৱেষণাত…
- চিলাপথাৰত কবি সমাজ আৰু সাৰথিৰ উদ্যোগত কবি কবিতা পাঠৰ অনুষ্ঠান…
- চিমেন চাপৰিত চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা ৩৩ সংখ্যক সানজাৰি নৌগৌৰ ৰংজালি বৈসাগু বিদায় ফূৰবুৰ সামৰণি…
- নাৰায়ণপুৰ আৰক্ষী থানাত দুই মানৱ সৰবৰাহকাৰী…
- বেলতলা হাইস্কুলৰ ভোটকেন্দ্রত বিকল EVM…
- যোৰহাট আৰক্ষীৰ গুলীত আহত দুধৰ্ষ চোৰ কুশ কুটুম…