বিবাহিত গোৰখা মহিলা সকলৰ পবিত্ৰ তীজ উৎসৱ আজি পৰম্পৰাগত ভাবে শোণিতপুৰ জিলাৰ অন্তৰ্গত খনামুখৰ ৰঙাজানত অনুষ্ঠিত হয় , প্ৰথম বাৰ্ষিক ৰমাইলো তীজ উৎসৱ । সভাৰ আৰম্ভণিতে সভা উদ্বোধন কৰে মুখ্য অতিথি তথা বিশিষ্ট সমাজ সেৱক প্ৰাক্তন অধ্যক্ষ (খনামুখ হাই স্কুল )ৰাম প্ৰসাদ দেবে। ইয়াৰ পাছত অতিথি সকল ৰ চিনাকি পৰ্বৰ পাছত বন্তি প্ৰজ্বলন কাযাসুচীৰ আত ধৰে বিশিষ্ট সমাজ কৰ্মী মোহন উপাধ্যায়ে ,তীজ উৎসৱৰ লগত সঙ্গতি ৰাখি ৰঙাজান অঞ্চল ৰ যুৱতী ৰ দলে গনেশ চতুৰ্থী উপলক্ষে গনেশ বন্দনা পৰিবেশন কৰে । ইয়াৰ পাছত গাঁৱৰ মহিলা সকলে নৃত্য ৰে তীজৰ গীত পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰায়। ইয়াৰোপৰি অঞ্চলৰ কণ কণ শিশু সকলেও নৃত্য প্ৰদৰ্শন কৰি উপস্হিত দৰ্শকক আমোদ দিয়ে । উল্লেখযোগ্য যে বিশিষ্ট কবি সাহিত্যিক তথা শিক্ষক বিষ্ণু শাস্ত্ৰী ৰ সঞ্চালনত আয়োজন হোৱা এই প্ৰথম বাৰ্ষিক তীজ উৎসৱৰ তাৎপৰ্য ব্যাখ্যা কৰে মুখ্য অতিথি হিচাপে থকা বিশিষ্ট সমাজ কৰ্মী তথা প্ৰাক্তন শিক্ষক ৰাম প্ৰসাদ দেবে। তীজ উৎসৱৰ চমু ভাষনত তেওঁ উল্লেখ কৰে যে,তীজ উৎসৱ বিশেষ ভাৱে গোৰখা সমাজৰ জীয়ৰি ৱোৱাৰীৰ পবিত্ৰ উৎসৱ । এই উৎসৱত বিবাহিত জীয়ৰি সকলে নিজৰ মাকৰ ঘৰলৈ লৈ আহি সুখ দুখৰ কথা পাতি তৃপ্তি ৰে এসাজ (তীজ) খাই পিছদিনা গোটেই দিনটো অনাহাৰে থাকি তীজৰ বৰ্ত পালন কৰি গাৱৰ জীয়ৰী বোৱাৰী লগ হৈ তীজ উৎসৱ ৰ গীত গাই নাচি বাগি আনন্দ কৰে । এই দৰে ভাদ মাহৰ দ্বিতীয়া তিথিৰ পৰা তিনি দিনীয়া কাযাসুচীৰ চতুৰ্থী তিথিৰ দিনটোত গাঁৱৰ মহিলা সকল এক লগ হৈ শিৱদেৱতাৰ পুজা অৰ্চনা কৰি পৰিয়ালৰ সকলোৰে দীঘায়ু কামনা কৰে । সভাত কেইবাগৰাকীও বিশিষ্ট অতিথি য়ে পবিত্ৰ তীজ উৎসৱৰ বিষয়ে তাৎপৰ্য ব্যাখ্যা কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…