ওদালগুৰি জিলাৰ ডিমাকুছিত এক ভয়ংকৰ ঘটনা।নিজ জন্মদাত্ৰী পিতৃক সুৰামগ্ন পুত্ৰই কুঠাৰৰে ঘঁপিয়াই হত্যাৰ চেষ্টা। উল্লেখ্য যে ওদালগুৰি জিলাৰ ডিমাকুছি ২ নং বাগানটাৰিৰ নিবাসী ৰবিন্দ্ৰ বেজবৰুৱা (৪৫) য়ে সুৰামগ্ন মাতাল পুত্ৰ (১৮)যতিন বেজবৰুৱাক অত্যাধিক মদক দ্ৰব্য সেৱন কৰাৰ মানা কৰিছিল।যাৰ পৰিপেক্ষিতত ১২ছেপ্তেম্বৰ দেওবাৰে নিশা ৮ মান বজাত মাতাল পুত্ৰ যতিন বেজবৰুৱাই পিতৃ ৰবীন্দ্ৰ বেজবৰুৱাক নিজ বাসগৃহতে পিচফালৰ কুঠাৰৰে ঘঁপিয়াই পলায়ন কৰে।”স্থানীয় লোকৰ তৎপৰতাত এতিমধ্যে ঘটনাস্থলীত ডিমাকুছি আৰক্ষী উপষ্টিত হয় সংকতজনক অৱস্থাত পিতৃ ৰবীন্দ্ৰ বেজবৰুৱাক উদ্ধাৰ কৰি টংলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰু ঘাটক পুত্ৰ যতিন বেজবৰুৱা বৰ্তমান পলাতক আৰু অত্যাধিক মদক দ্ৰৱ্য সেৱনৰ ফলত এনে ঘটনা সংঘটিত হৈছে বুলি ডিমাকুছি আৰক্ষীয়ে জানিব দিয়ে।এটা মন কৰিব লগিয়া কথা যে, ভাৰত ভূটান সীমান্তৰ অঞ্চল সমূহত দেশী বিদেশী সূৰাৰ ৰমৰমীয়া ব্যৱসায় বৃদ্ধি হোৱাৰ বাবে বিভিন্ন ঘটনা সংঘটিত হ’ব ধৰিছে । যাৰ বাবে যোৱা নিশা ২ নং ডিমাকুছিৰ বাগানটাৰিত অধিক সূৰাপান কৰাৰ ফলতে সূৰাৰ ৰাগীত মাতাল হৈ নিজ পুত্ৰই পিতৃক কুঠাৰেৰে ঘঁপিয়াই হত্যাৰ চেষ্টা কৰিছিল । আইন প্ৰশাসন তথা অসম চৰকাৰৰ বিয়াগোম আৱকাৰী বিভাগটোৱে কিন্তু সূৰাৰ ৰমৰমীয়া ব্যৱসায় চলি থকা দেখি শুনিও চকু মুদা কুলিৰ ভাও ধৰি আছে । পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষয় এই ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইটোহে লক্ষণীয় বিষয় হৈ পৰিব।।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…
- মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…
- ধূমপান এৰিলেই নহ’ব! হাওঁফাওঁৰ বাবে খাব লাগিব এই ৭টা খাদ্য…