Breaking

বৰনৰ্দ্দীত অবণী কুমাৰ শৰ্মাৰ আবক্ষ মূৰ্তী স্হাপন আৰু স্মৃতিগ্ৰন্হ উন্মোচন

0 2,082

পশ্চিম নলবাৰী অঞ্চলৰ বৃহত্তৰ বৰনৰ্দ্দী গাওঁৰ ফুলবাৰীৰ বিশিষ্ট সমাজকৰ্মী ,ধৰ্মপ্ৰান তথা অসম বিদ্যৎ পৰিষদৰ অবসৰী মুখ্য সহায়ক  প্ৰয়াত অবনী কুমাৰ শৰ্মাৰ  কালি (দেওবাৰে) নিজ বাসভবনত আবক্ষমুৰ্তী আৰু ষ্মৃতিগ্ৰন্হ উন্মোচন কৰা হয়।  দিনৰ এক বজাত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে মংগলদৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ বিজয় কুমাৰ শৰ্মাই।  সভাৰ আৰম্ভনিত প্ৰয়াত অবণী কুমাৰ শৰ্মা আৰু  সহধৰ্মিনী ৰীণা দেবীৰ আবক্ষ মূৰ্তীত বন্তি প্ৰজ্বলন কৰে ভগবান শৰ্মাই। শিশু শিল্পী নিলাক্ষি দেবীয়ে বৰগীত পৰিবেশন কৰি সভাৰ পৰিবেশ  অধিক  নান্দনিক কৰি তোলে। ইয়াৰ পিছতে আৱক্ষ মুৰ্তি উন্মোচন কৰে কৃতিশিক্ষক ভগবান চন্দ্ৰ ডেকাই। ষ্মৃতিগ্ৰন্হ উন্মোচন কৰে   ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত  অবসৰ প্ৰাপ্ত কৃতি  শিক্ষক সমাজকৰ্মী দেবেন্দ্ৰ নাথ শৰ্মাই। গাম্ভীৰ্যপূৰ্ণ সভাখনত আত ধৰে মুকুল শৰ্মাই। সভাখনৰ আৰম্ভনীতে উদ্দেশ্য বাখ্যা  কৰে কিশোৰ  চক্ৰৱৰ্তীয়ে।

Leave A Reply