বিগত ২০১৮ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে ওদালগুৰি জিলাৰ গোলমাগাওঁ হাইস্কুলৰ সভাকক্ষত গঠন হোৱা খছ মহাসভা অসমৰ কেন্দ্ৰীয় সমিতিয়ে সেইবেলি খছ গোৰ্খা জাতিৰ জনজাতিকৰনৰ কাৰণে কৰিবলগীয়া সম্পূৰ্ণ কাম কৰিলেও চৰকাৰৰ হেমাহিত আজিলৈকে উক্ত কামৰ অগ্ৰগতি নোহোৱাত খছ মহাজাতিৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া আজিলৈও চৰকাৰৰ টেবুলতেই পৰি থকা দেখাপোৱা গৈছে। ২০১৮ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে কেন্দ্ৰীয় সমিতি গঠনৰ দিনাই ওদালগুৰি জিলা সমিতিৰ উদ্যোগত গোলমাগাওঁ হাইস্কুল খেলপথাৰত অনুষ্ঠিত খছ সকলৰ পৰম্পৰাগত গীত-নৃত্য, খোৱা-বোৱা, পূজা-পাতল, বিৱাহ, মৃত্যু সংস্কাৰ আদিৰ সম্পূৰ্ণ বিৱৰনৰ প্ৰদৰ্শনী মুলক ব্যৱস্থা কৰাৰ লগতে উক্ত প্ৰদৰ্শনী সেই সময়ৰ ওদালগুৰি জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে উদ্ঘাটন কৰাৰ লগতে দিনযোৰা সময় তেওঁ খছ গোৰ্খা সকলৰ পৰম্পৰাগত গীত-নৃত্য উপভোগ কৰাৰ লগতে জনজাতিকৰণৰ বিষয় বস্তু প্ৰয়োজনীয়তাৰ দিশ চালিজাৰি খছ গোৰ্খা সকল জনজাতিকৰণৰ উপযুক্ত জাতি বুলি বিবেশিত কৰে। লগতে অসম চৰকাৰৰ জনজাতি পৰ্য্যবেক্ষকৰূপে অসীম বৰাই প্ৰদৰ্শনীৰ লগতে খছ গোৰ্খা সকলৰ বিভিন্ন গাওঁলৈ গৈ খছ গোৰ্খাসকল প্ৰকৃততে জনজাতি হোৱাৰ উপযুক্ত হয় ন নহয় সেই দিশতো পৰ্য্যবেক্ষণ কৰিছিল আৰু উক্ত পৰ্য্যবেক্ষণৰ প্ৰতিলিপি অসম চৰকাৰৰ জনজাতিকৰণ বিভাগলৈ প্ৰেৰণো কৰিছিল। কিন্তু অতিথি পৰিতাপৰ বিষয় এয়ে যে আজিলৈকে অসম চৰকাৰে গোৰ্খা খছ সকলৰ উক্ত প্ৰতিলিপি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰাত খছ মহাসভা অসমৰ কেন্দ্ৰীয় সমিতিয়ে আচ্শৰ্য্য প্ৰকাশ কৰাৰ লগতে অতিশীঘ্ৰে অসম চৰকাৰ পৰা গ্ৰহণীয় পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰক খছ গোৰ্খা সকলৰ জনজাতিকৰণৰ তথ্যপাতি সমুহ প্ৰেৰণ কৰিবলৈ খছ মহাসভা অসমৰ কেন্দ্ৰীয় সভাপতি ড০ হৰ্ক বাহাদুৰ ছেত্ৰী আৰু মুখ্য সাধাৰণ সম্পাদক দিপক নিৰোলাই আহ্বান জনাইছে। খছ মহাসভা অসমৰ কেন্দ্ৰীয় সমিতিৰ অভিৱৰ্তন যোৱা ১২ চেপ্তেম্বৰত গুৱাহাটীৰ পল্টনবজাৰ কে বি বেনাৰ্জী পথত থকা অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ মুখ্য কাৰ্য্যালয় মণিকুমাৰ চুব্বা ভৱনত কেন্দ্ৰীয় সভাপতি ড০ হৰ্ক বাহাদুৰ ছেত্ৰীৰ সভাপতিত্বত সম্পন্ন হয়। সমিতিৰ সাধাৰণ সম্পাদক দিপক নিৰোলাই আত ধৰা সভা উদ্ধোধন কৰে অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লক্ষ্মী চেঢ়াইয়ে। সভাত ভাৰতীয় গোৰ্খা পৰিসংঘ অসম ক্ষেত্ৰীয় সমিতিৰ মহিলা প্ৰকোষ্ঠৰ সভানেত্ৰী লক্ষ্মী চুবেদী, অসম গোৰ্খা সন্মিলন বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ সভাপতি দিলু শৰ্মা, ওদালগুৰি জিলা সমিতিৰ সভাপতি পৱন লুইটেল,উপদষ্টা ৰমেশ দাহাল আদি উপস্থিত থাকি খছ গোৰ্খা সকলৰ জনজাতিকৰণৰ বিষয় সভাত বক্তব্য ৰাখে। খছ মহাসভা অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দিপক নিৰোলাই প্ৰতিবেদন পাঠ কৰাৰ পিছত সভাপতি ড০ হৰ্ক বাহাদুৰ ছেত্ৰীয়ে পুৰনি সমিতি ভঙ্গ কৰি খছ মহাসভা অসমৰ নতুন সমিতি গঠন কৰিবলৈ সদনক আহ্বান জনায়। খছ মহাসভা অসমৰ নতুনকৈ গঠিত হোৱা কেন্দ্ৰীয় সমিতিত চিৰাং জিলাৰ কেশৱ বস্নেতক সভাপতি আৰু তিনিচুকীয়া জিলাৰ জগৎ শৰ্মাক সাধাৰণ সম্পাদক হিচাপে লৈ ৫৫ জনীয়া খছ মহাসভা অসম পুনৰ গঠন কৰা হয় বুলি সংগঠনটোবে এক প্ৰেছ বিবৃতি যোগে প্ৰকাশ কৰিছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ…
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…