ওদালগুৰি বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদীৰ ৭১সংখ্যক জন্মদিন উদযাপন

১৭ছেপ্তেম্বৰত ওদালগুৰি জিলা বিজেপিৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ সংখ্যক জন্মদিনটো উদযাপন কৰাৰ লগতে  ওদালগুৰি জিলা বিজেপিৰ নৱ নিযুক্ত সভাপতি সুনীল বসুমতাৰীয়ে কাৰ্যভাৰ গ্ৰহণ কৰে।কাৰ্যভাৰ গ্ৰহণ কৰিয়েই বিজেপি দলক আগতকৈ অধিক শক্তিশালী ৰূপে আগবঢ়াই নিব বুলি মন্তব্য কৰে নৱ নিযুক্ত সভাপতি সুনীল বসুমতাৰীয়ে।প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপি দলৰ সদস্য সকলোৰ লগতে ৰাইজক সন্ধিয়া পদুলি মুখত এগচিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনায় সভাপতি বসুমতাৰীয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ ইএম সঞ্জিত তাঁঁতী, জিলা বিজেপিৰ বিদায়ী সভাপতি কাৰ্তিক চন্দ্ৰ বড়ো,সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকা, ৰাজ্যিক কাৰ্যনিৰ্বাহক ধ্ৰুৱজ্যোতি শৰ্মা আদিকে ধৰি কেবাগৰাকীও নেতাই।

Related Articles