সংস্কৃত পণ্ডিত, শিক্ষাবিদ ড০ বাণীকান্ত শৰ্মাৰ বিয়োগ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা অৱসৰী মুৰব্বী অধ্যাপক, বৰেণ্য সংস্কৃত পণ্ডিত, সাহিত্যিক, শিক্ষাবিদ ড০ বাণীকান্ত শৰ্মা চাৰৰ আজি দেহাৱসান ঘটাত বিভিন্ন দল-সংগঠনে গভীৰ শোক প্রকাশ কৰিছে। এক শোক-বাৰ্তাত ৰাজ্যৰ সমন্বয়-সংহতি-ঐক্যতাৰ অনুষ্ঠান “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ প্রধান সম্পাদক দীপক শৰ্মাই কয়- “আমি হেৰুৱালোঁ এজন জ্ঞান তপস্বী সাধকক। অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী ড০ শৰ্মা চাৰে শিক্ষা জগতৰ বাবে অভূতপূর্ব বৰঙণি আগবঢ়াইছে। সাহিত্য জগতলৈ তেওঁৰ অৱদান অনন্য। তেওঁৰ সূদুৰ প্ৰসাৰী চিন্তাৰে সকলোকে আকৃষ্ট কৰিছিল।” এইগৰাকী মহান শিক্ষাবিদৰ বিয়োগত  বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী ড০মলিনা দেৱী ৰাভা, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্র মেধি, অসম শিশু সাহিত্য সমাজৰ সহ: সম্পাদক প্ৰদীপ নাৰায়ণ ভট্ট, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্র ব্ৰহ্ম -সম্পাদক গোলাপ বড়ো,  বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ সভাপতি গৌৰীকান্ত নাথ, পৰাগজ্যোতি প্ৰকাশন আদি দল-সংগঠনে গভীৰ শোক প্রকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

Related Articles