প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ তম জন্মদিন।প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন উপলক্ষে বিজেপি কৰ্মীসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ।৭১তম জন্মদিন উপলক্ষে ৰঙাপৰাত সৃষ্টি হৈছে উৎসৱ মুখৰ পৰিবেশ।অন্যান্য প্ৰান্তৰ লগতে ৰঙাপৰাতো মোডীৰ জন্মদিন ২০ দিনীয়াকৈ পালন কৰিবলৈ সাজু হৈছে।ৰঙাপৰাত প্ৰধানমন্ত্ৰীৰ অনুৰাগী তথা বিজেপি কৰ্মীসকলে অঞ্চলটোৰ চাহ বাগিচা সমুহত ২০ দিনীয়া বৰ্ধিত টিকাকৰণ কাৰ্যসূচী অনুষ্ঠিত কৰি প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন উদযাপন কৰিছে।এই ২০ দিনীয়া জন্ম উৎসৱ উপলক্ষে বিজেপি কৰ্মী সকলে বাগিচা অঞ্চলত শ্ৰমিক ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে আৰু কভিড প্ৰতিষেধক গ্ৰহণ নকৰা লোকসকলক প্ৰতিষেধক লবলৈ আহ্বান জনায়। জন্মোৎসৱৰ কাৰ্যসূচীত শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলি চুৰেন,বিজেপি শোণিতপুৰ জিলা কাৰ্যনিৰ্বাহক সদস্য তথা ৰঙাপৰা নগৰ মণ্ডল অবিচি মৰ্চাৰ প্ৰভাৰী ৰানা ভাটিয়া, মণ্ডল সভাপতি দিপক তেলি আৰু বহু বিজেপি কৰ্মী অংশগ্ৰহণ কৰে।

