কৰ্কট ৰোগৰ সজাগতাৰ হকে কাম কৰি অহা প্ৰতিশ্ৰুতি কেন্সাৰ আৰু পেলিয়েটিভ ট্ৰাষ্ট চমুকৈ ‘প্ৰতিশ্ৰুতি’ ৰ দ্বাৰা আয়োজিত ১৬ ঘণ্টাৰ উপশমী সেৱাৰ চাটিফিকেট কৰ্ছৰ অফলাইন প্ৰশিক্ষণ শিৱিৰ ১৭ ছেপ্টেম্বৰত ডিব্ৰুগড়ত অনুষ্ঠিত হৈ যায়৷ ইণ্ডিয়ান এচ’ছিেয়চন অৱ পেলিয়িটিভ কেয়াৰৰ দ্বাৰা পৰিচালিত আৰু হোটেল বাজাবাসত অনুষ্ঠিত এই প্ৰশিক্ষণৰ শিৱিৰত মুখ্য প্ৰশিক্ষক ৰূপে কেন্সাৰৰ মনোবিজ্ঞানী মুম্বাইৰ কে ভি গণপথীয়ে অংশগ্ৰহণ কৰে৷ শিৱিৰত ধেমাজি, শিৱসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া, মাৰ্ঘেৰিটা, ডিব্ৰুগড় আদি বিভিন্ন স্থানৰ কুৰি গৰাকী স্বেচ্ছাসেৱকে প্ৰশিক্ষণ সমাপ্ত কৰে৷ উল্লেখ্য যে এই প্ৰশিক্ষণৰ অন্তৰ্গত প্ৰথম দহঘণ্টা অনলাইনত চ্ছ্ৰ, প্ত ছেপ্টেম্বৰত হৈ গৈছিল৷

এই প্ৰশিক্ষণ শিৱিৰৰ আৰম্ভণিতে আয়োজন কৰা উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি ‘প্ৰতিশ্ৰুতি’ ৰ অবৈতনিক সঞ্চালক তথা কেন্সাৰ গৱেষক ডাঃ গগৈয়ে অনুষ্ঠানটোৰ লক্ষ্য-উদ্দেশ্যৰ লগতে ‘প্ৰতিশ্ৰুতি’ য়ে ক’ভিডকালীন সময়ত ধেমাজি, গুৱাহাটী আৰু ডিব্ৰুগড়ত ৬০ হেজাৰৰো অধিক লোকক হোম আইশ্যলেশ্যনত থকাৰ সময়ত সংগঠনটোৰ স্বেচ্চাসেৱক আৰু সংশ্লিষ্ট জিলা প্ৰশাসনৰ সহযোগত সফল ৰূপায়ণ কৰা তিনিটা ‘ক’ভিড মনিটৰিং বিশেষ প্ৰকল্প’ ৰ বিষয়ে উল্লেখ কৰে৷ অনুষ্ঠানত জিলাৰ অতিৰিক্ত আয়ুক্ত [স্বাস্থ্য] বিশ্বজিত ফুকন, মডাৰেটৰ ডাঃ প্ৰণয় ফুকন, ডাঃ জিএছ বৰগোহাঁই, ডাঃ প্ৰবীন দত্ত, ডাঃ কাবেৰী বৰা, ডাঃ লুকিমা বৰুৱা, অস্মিতা কলিতাকে ধৰি প্ৰতিশ্ৰুতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷

শিৱিৰত উপশমী সেৱাৰ বিভিন্ন দিশ সামৰি প্ৰজেক্টৰৰ জৰিয়তে প্ৰশিক্ষণ আগবঢ়ায় কে ভি গনপথিকে ধৰি ডাঃ জি এছ বৰগোহাঁই, ষ্টাফ নাৰ্চ ডালিমী গগৈ, কবিতা ৰাজোৱাৰ, ৱাজিৰ বিন কুটুব, পান্না ভৰালীয়ে৷ শিৱিৰত মুখ্য প্ৰশিক্ষক কে ভি গণপথীয়ে বিষয়টোৰ মনোবৈজ্ঞানিক বিভিন্ন দিশসমূহৰ সম্পৰ্কত বক্তব্য আগবঢ়োৱাৰ লগতে স্বেচ্চাসেৱকসকলে সোধা বিভিন্ন প্ৰশ্নৰো উত্তৰ দিয়ে৷ অনুষ্ঠানৰ অন্তত প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণপত্ৰ বিতৰন কৰা হয়।


