সোঁতৰ বিপৰীতে সাঁতুৰি আগুৱাই যোৱা এটা আদৰ্শ পৰিয়ালৰ বাস্তব কাহিনী। কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ দোকুচি পুখুৰীৰ পৰা গাঁৱৰ দিলীপ হাজৰিকা দম্পতিয়ে বন্ধন বেংকৰ পৰা ঋণলৈ যথেষ্ট উপকৃত হৈছে বুলি আমাক জানিবলৈ দিয়ে। দিলীপ হাজৰিকা নিজে এজন বডী মিস্ত্রি তথা পেইন্টাৰ কাম কৰিবলৈ বিভিন্ন যন্ত্রপাতি ক্রয় কৰাৰ উপৰি ঋণৰ টকাৰে ক্ৰয় কৰিলে এখন চাৰিচকীয়া বাহন। সম্প্ৰতি পৰিয়ালটো আজি আত্মনিৰ্ভৰশীলহৈ পৰিছে। ৰাজ্যত চলি থকা ঋণ ৰেহাইৰ প্ৰতিবাদৰ বিপৰীতে দম্পতি হালে আহ্বান জনালে -মাইক্র’ফাইনেন্সৰ ঋণ খাবলৈ বা বিলাসিতাৰ বাবে নহয়, বৰং ব্যৱসায়িক কামত সদ্ব্যবহাৰ কৰিলে সফল নোহোৱাৰ কাৰণ নাই বুলিকৈ বন্ধন বেংকলৈ কৃতজ্ঞতা জনালে হাজৰিকা দম্পতিয়ে।

