কৰোনা মহামাৰিৰ পৰা পৰিত্ৰাণ পোৱা ৰাইজে বৰ্তমান প্ৰতিষেধক বিচাৰি হাবাথুৰি খাইথকা সময়তে ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰতি প্ৰত্যককে প্ৰতিষেধক প্ৰদান কৰিবলৈ আহ্বান জনাই থকা সময়তো একাংশ সমাজ বিৰোধীয়ে এতিয়াও প্ৰতিষেধকৰ বিৰুদ্ধে অপ প্ৰচাৰ চলাই থকা দেখাপোৱা গৈছে। উক্ত সমাজ বিৰোধী সকলে যিমানেই অপ প্ৰচাৰ কৰিলেও ৰাইজে তেওঁলোকৰ ষড়যন্ত্ৰক বুঢ়া আঙুলি দেখুৱাই প্ৰতিষেধক কেন্দ্ৰলৈ ঢাপলি মেলা দেখা পোৱা গৈছে। ১৭ চেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে অসমৰ বিভিন্ন জিলাৰ লগতে ওদালগুৰি জিলাতো কোৰোনাৰ প্ৰতিষেধক “কোভাচিল্ড” বিভিন্ন কোভিড চেণ্টাৰলৈ প্ৰদান কৰা দেখাপোৱা গৈছে। ওদালগুৰিৰ উত্তৰে অৱস্থিত খাউৰাং বজাৰখলা উপ স্বাস্থ্য কেন্দ্ৰত ৰাতিপুৱা ৯:০০ বজাৰপৰা আৰম্ভ হোৱা প্ৰতিষেধক “কোভাচিল্ড” গ্ৰহণ কৰিবলৈ ৰাইজৰ হেতা ওপৰা লাগে। ওদালগুৰি স্বাস্থ্য বিভাগৰ মেলেৰিয়া নিয়ন্ত্ৰণত থকা স্বাস্থ্য কৰ্মী উমেশ ৰাভাৰ নেতৃত্বত খাউৰাং বজাৰখলা উপস্বাস্থ্য কেন্দ্ৰৰ এ এন এম বিদুশ্ৰী ব্ৰহ্মৰ পৰিচালনাত স্থানীয় আশা কৰ্মী নমিতা দেৱী, পাৰ্বতী নেৱাৰ, শাবিত্ৰী দেৱী আৰু জানুকা দেৱীৰ সহযোগত ২৩০ জনক “কোভাচিল্ড”ৰ প্ৰথম পালিৰ লগতে ১৮৯ জনক দ্বিতীয় পালিৰ “কোভাচিল্ড° প্ৰতিষেধক প্ৰদান কৰা হয়। ৰাতিপুৱা ৯:০০ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিষেধক প্ৰদান শিবিৰ সন্ধ্যা ৫ :০০ বজালৈ চলি থাকে।প্ৰথমে অনা প্ৰতিষেধক সম্পূৰ্ণ শেষ হোৱাৰ পিছত ৰাইজৰ দাবীত পুনৰ ওদাগুৰিৰ পৰা অতিৰিক্ত প্ৰতিষেধক”কোভাচিল্ড” আনিব লগীয়া হৈছিল। স্বাস্থ্য কৰ্মী উমেশ ৰাভাৰ নেতৃ প্ৰদান কৰা প্ৰতিষেধক প্ৰদান শিবিৰত এ এন এম বিদুশ্ৰী ব্ৰহ্ম, আশা কৰ্মী নমিতা দেৱী, পাৰ্বতী নেৱাৰ, জানুকা দেৱী আৰু শাবিত্ৰী দেৱীৰ সেৱা কাৰ্য্যক স্থানীয় খাউৰাংবাসী ৰাইজে প্ৰশংসা কৰাৰ লগতে তেওঁলোকৰ কাৰ্য্যক ধন্যবাদ জনায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বৰষুণৰ বতৰঃ পাকঘৰত কি ৰান্ধিব? চিন্তাত পৰিছে নেকি…
- অসমৰ মুছলিম সম্প্ৰদায়ৰ ভোটাৰৰ আস্থা লোকসভাত তুলনামূলকভাৱে মুখ্যমন্ত্ৰীৰ প্ৰতি বৃদ্ধিঃ মিডিয়া মেনেজমেন্ট এণ্ড ৰিচাৰ্ছ এচ’ছিয়েচ’নৰ জৰীপত প্রকাশ…
- সন্তানক মানুহ বনাওক, নহ’লে আপোনাক অনাথ আশ্ৰমত ৰাখিব!
- ৰাহুল গান্ধীক পাকৈত দবা খেলুৱৈ বুলি কোৱাৰ পিছতে বিশ্বশ্ৰেষ্ঠ দবাৰু কাস্পাৰোভে ক’লে ‘প্ৰথমে ৰায়বৰেলীত জিকক, তাৰ পিছত…’
- চতিয়াৰ পথ দুৰ্ঘটনাত নিহত চালকজন ৰৌতাৰ নাছিৰ আলি বুলি আৰক্ষীৰ চিনাক্ত…
- অন্ত পৰিল বৃহৎ পতনৰ সৈতে শ্বেয়াৰ বজাৰৰ সপ্তাহ…
- আমেথিৰ সলনি কিয় বাছি ল’লে ৰায়বৰেলী? বিজেপিৰ সমালোচনাৰ মাজতে মুখ খুলিলে ৰাহুল গান্ধীয়ে…
- খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডৰ সৈতে জড়িত গ্ৰেপ্তাৰ ৩ ভাৰতীয় নাগৰিক…
- অসমৰ ১ লাখ ৰাইজক লৈ যাম ৰাম মন্দিৰ দেখুৱাবৰ বাবেঃ মুখ্যমন্ত্ৰী
- কোনোবা কালু, কোনোবা আলু, কোনোবা পাপ্পু! বলীউডৰ পৰিচিত তাৰকাসকলৰ অচিনাকি নাম, ঘৰত কাক, কি বুলি মাতে…