তিনিচুকীয়াৰ শিশুগৃহত ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ সদস্য সচিবৰ পৰ্যবেক্ষণ

কালি অসম ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ সদস্য সচিব পাৰ্থ প্ৰতীম মজুমদাৰে তিনিচুকীয়া জিলাৰ শিশুসকলৰ অৱস্থাৰ বুজ লোৱাৰ লগতে জিলাখনৰ শিশুগৃহ সমূহো পৰ্যবেক্ষণ কৰে। ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত  গংগাবাৰীৰ কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহৰ শিশু সকলে এটি সমবেত গীতেৰে সচিব গৰাকীক আদৰণি জনায়। কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহৰ সম্পাদক অখিল চন্দ্ৰ বৰুৱা, অধীক্ষক প্ৰিয়ংকা শৰ্মা আৰু বৰষা বৰঠাকুৰে শৰাই, চেলেং আৰু জাপিৰে সচিব পাৰ্থ প্ৰতীম মজুমদাৰক সম্বৰ্ধনা ঞ্জাপন কৰে। জিলাখনৰ বিশেষ ভাবে সক্ষম শিশুসকলক লৈ যে বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে আৰু তেওলোকৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহনৰ আশ্বাস প্ৰদান কৰে সচিব গৰাকীয়ে। শিশুসকলক সুন্দৰ কৈ কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহত সুৰক্ষা দিয়াৰ বাবে সচিব গৰাকীয়ে শিশুগৃহৰ কৰ্তৃপক্ষক  ধন্যবাদ জ্ঞাপন কৰে। জিলা শিশুসুৰক্ষা গোটৰ বিষয়া ৰিজুৱানা তাচমিন হাজৰিকাই ফুলাম গামোছাৰে শিশুগৃহতেই সচিব গৰাকীক আদৰণি জনায় । জিলাখনৰ পূৰ্বোত্তৰ আৰু আদৰ নামৰ শিশুগৃহ দুটিও সচিব গৰাকীয়ে পৰ্যবেক্ষণ কৰে।

Related Articles