নগৰবেৰাৰ টুপামাৰীত কদৰ্যময় পথে জ্বলাকলা খুৱাইছে ৰাইজক, কানসাৰ নাই জনপ্ৰতিনিধিৰ

 বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত নগৰবেৰাৰ টুপামাৰীত আজিও সুগম হৈ নুঠিল যাতায়ত ব্যৱস্থা, বিধস্ত পথে আমুৱাইছে ৰাইজক। বৃহত্তৰ টুপামাৰী অঞ্চলৰ ব্যৱসায় বাণিজ্যৰ এক মাত্ৰ প্ৰতিষ্ঠানটো হল টুপামাৰী বজাৰ আৰু টুপামাৰী বজাৰৰ পৰা ৰঙ্গেশ্বৰী পামলৈ যোৱা পথটি অতিকৈ বিধস্ত, মানুহৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ পথটিৰে বোকাৰে লুতুৰি পুতুৰি যাব লাগে টুপামাৰী বজাৰলৈ। বছৰটোৰ সৰহভাগ কাল বোকাময় হৈ থাকে পথচোৱা। পথটিৰে নিতৌ স্কুল-কলেজীয়া ছাত্ৰ ছাত্ৰী ৰোগীকে আদি কৰি যান-বাহন চলাচলত যথেষ্ট অসুবিধা হৈছে।পথটিৰে নিতৌ প্ৰায় দহ খন গাওঁৰ মানুহে আহযাহ কৰিবলগীয়া হয়,  সদাব্যস্ত ৰাজপথটো মাহৰ পিছত মাহ কদৰ্যময় হৈ থকাত ৰাইজে যাতায়তৰ নামত ভুগি আহিছে নৰক যন্ত্ৰণাত। পঞ্চায়ত প্ৰতিনিধিক বাৰাম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো কানসাৰ কোনো গুৰুত্ব দিয়া নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। শীঘ্ৰে স্থানীয় দোকানী-ব্যৱসায়ীৰ লগতে ৰাইজে পথচোৱা যাতায়ৰ বাবে সুগম কৰি তুলিবলৈ পঞ্চায়ত প্ৰতিনিধি, স্থানীয় বিধায়িকা নন্দিতা দাস লগতে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।

Related Articles