দেৰগাঁও সমষ্টিৰ ৪০নং উত্তৰ পৰ্বতীয়া জনজাতি গাওঁ পঞ্চায়তৰ অন্তৰ্গত বৰমুকলিত মিচিং জাতীয় সংগঠন এম বি কে, টি এম পি কে, এম এম কে, টি এম এম কে , এম এ কে, এম ডি কে ১নং লাখেৰাজ আঞ্চলিক সমিতি সমুহৰ এক যৌথ প্ৰতিনিধিমূলক ৰাজহুৱা সভা শিক্ষক জ্যোতি টায়ুঙৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে , এম এ কেৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিশিষ্ট শিক্ষাবিদ দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড’ দীপক দলে ডাঙৰীয়া, জ্যেষ্ঠ সংগঠনক তৰাচন পেগু, এম এম কে যোৰহাট জিলা সমিতিৰ সভাপতি হৰেন ৰিচং , টি এম পি কে যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰফুল্ল মিছং , ডি এম কে কেন্দ্ৰীয় সমিতিৰ সদস্য অতীন দলে, টি এম এম কে যোৰহাট জিলা সমিতিৰ সম্পাদিকা চুমী পাচুং, স্থানীয় কেইবাগৰাকীও শিক্ষক উপস্থিত থাকে। মিচিং ভাষা, সাহিত্য, সংস্কৃতিক আৰু অধিক সমৃদ্ধিশালী কৰিবলৈ,মাতৃভাষা হিচাপে জীয়াই ৰখাৰ উপৰিও প্ৰচাৰ প্ৰসাৰ কৰিবলৈ মিচিং আগম কেবাং, মিচিং দৃৰবৌ্ কেবাং, মিচিং বা:নে: কেবাং সমিতিসমূহৰ পুনৰ গঠনৰ জৰিয়তে মিচিং সমাজ ব্যৱস্থাক সু-শৃংখলিতভাৱে চলাই যোৱাৰ মানসেৰে অনুষ্ঠিত কৰা প্ৰতিনিধিমূল সভাখনৰ আঁতধৰে এম এম কেৰ যোৰহাট জিলা সমিতিৰ উপ-সভাপতি অতুল মিছঙে। এই সভাতে মিচিং দৃৰ্বি কেবাং মিচিং বা্:নে্: কেবাং মিচিং দৃৰবৌ্ কেবাঙৰ তিনিখন আঞ্চলিক সমিতি গঠন কৰা হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মুম্বাইৰ প্ৰাণঘাতী হৰ্ডিংখনৰ গৰাকী ভৱেশ ভিন্দেক গ্ৰেপ্তাৰ…
- ইউটিউবাৰ ভাঙা টিভি চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ…
- মৰিয়নীস্থিত “হোলোঙাপাৰ গিবন অভয়াৰণ্য”ত কপিকুলৰ সন্মুখত ভাবুকি ৰেল বিভাগৰ বৈদ্যুতিক খুটা…
- অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…
- বেগী বলাৰ বিচাৰি অসমৰ বিভিন্ন প্ৰান্তত অসম ক্ৰিকেট সন্থাৰ বিশেষ পদক্ষেপ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ মাইনুল ইছলাম নামৰ লোকজন…
- পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমান, কিয় বাৰে বাৰে ইজনৰ পিছত সিজন শিল্পী অপমানিত হ’ব লগা হৈছে…
- শোণিতপুৰৰ বালিপৰাত পাৰিবাৰিক কন্দলত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ…
- প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ মৃত্যুত বিভিন্নজনৰ গভীৰ শোক প্ৰকাশ…
- আজি পৰাগ কুমাৰ দাসৰ ২৯ সংখ্যক মৃত্যুবাৰ্ষিকী…