শিৱসাগৰত সপ্তাহজোৰা আধাৰ পঞ্জীয়ন শিবিৰ: ১৬০জন লোকৰ বিনামূলীয়াকৈ আধাৰ পঞ্জীয়ন

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু মাৰোৱাৰী যুৱ মঞ্চ ডিমৌ শাখাৰ সহযোগত  ৭ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত সপ্তাহজোৰা বিনামূলীয়া আধাৰ কাৰ্ড পঞ্জীয়ন শিবিৰ আজি সম্পন্ন হয়। ডিমৌ নিতাই পথৰ গগৈ কমপ্লেক্সেত অনুষ্ঠিত এই আধাৰ পঞ্জীয়ন শিবিৰত ডিমৌ আৰু দাঁতিকাষৰীয়া অঞ্চলৰ প্ৰায় ১৬০ গৰাকী পুৰুষ,মহিলা, যুৱক-যুৱতী আৰু শিশু-কিশোৰে আধাৰ পঞ্জীয়ন কৰে। এই আধাৰ কাৰ্ড পঞ্জীয়ন শিবিৰত উপস্থিত হৈ আধাৰ পঞ্জীয়ন কৰা সকলো ব্যক্তিকে  আয়োজক অমৃত পুড্ডাৰ, ৰোপেশ বাজাজ, সুমিত পুড্ডাৰে ধন্যবাদ জনোৱাৰ লগতে জিলা প্ৰশাসনকো এই সহযোগিতাৰ ধন্যবাদ কৃতজ্ঞতা জনায়।

Related Articles