তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিং মৌজাr পুৰণি পুখৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত মাধৱপুৰ বৰডুমচা বজাৰৰ আন্তগাঠনিক দিশৰ ওপৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বৰ বৰডুমচা পেঙেৰী আঞ্চলিক সমিটিয়ে আজি অভিযোগ তুলি ধৰিছে। সপ্তাহিক বজাৰৰ তিনিচুকীয়া জিলাৰ ভিতৰত অন্যতম বৃহৎ বজাৰখনেই হল মাধৱপুৰ বৰডুমচা বজাৰ।এই বজাৰৰ টেণ্ডাৰো প্ৰায় দহ লাখতকৈ অধিকত টকাত লাভ কৰে টেণ্ডাৰ মৰা সকলে। কিন্তু এইক্ষেত্ৰত আচলতে কিয় আন্তগাঠনিক দিশটোৰ অবস্থা অতি জৰাজীৰ্ণ হব লগীয়া হৈছে,কিয় বজাৰৰ ঘৰৰ টিংপাত মামৰে ধৰি ফুটি গৈ বৰষুণ আহিলে দোকানৰ অৱস্থা লাভতকৈ বেছি লোকচান হোৱাৰ উদাহৰণ দেখিবলৈ পোৱা গৈছে, কিয় এটা শৌচালয় আৰু এটা ভাল দমকল নথকাত ক্ৰেতা বিক্ৰেতাই বজাৰৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হব লগীয়া হৈছে। সংগঠনটোৰ আঞ্চলিকৰ উপদেষ্টা গৌতম বৰুৱা ,সম্পদক মন্টুশ মুদৈৰ লগতে অন্যান্য বিষয়বৰ্বিয়া সকলে শেষত বজাৰ খনৰ আন্তগাঠনিক দিশত থকা সকলো সমস্যা সমাধানৰ বাবে চৰকাৰক বিহিত ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…
- গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…