কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কায্যালয় শ্বহীদ ভৱনত ২২ ছেপ্তেম্বৰত সন্থাৰ এখনি গুৰুত্বপূৰ্ণ কায্যনিবাহক সভা অনুষ্ঠিত হৈ যায়। সভাত শিক্ষা, স্বাস্থ্য ৰাস্তা ঘাট আৰু বিভিন্ন সমস্যাৰ ওপৰত আলোচনা হয়। কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মাধুৰ্য শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ৰঞ্জিত নাথ আৰু সাধাৰণ সম্পাদক ৰাতুল বৰুৱাৰ উপস্থিতিত কলাইগাঁও আঞ্চলৰ কেইবাটাও সমস্যাৰ ওপৰত বিতং আলোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হয়। সভাত দীৰ্ঘদিন ধৰি ক’ডিভ কেয়াৰ চেন্টাৰ হিচাপে ব্যৱহৃত কলাইগাঁৱৰ চিকিৎসাৰ একমাত্ৰ স্থল কলাইগাঁও আদৰ্শ চিকিৎসালয়খন পুণৰ ৰোগীসকলৰ বাবে মুকলি কৰিবলৈ উৰ্ধতন কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে, লগতে কলাইগাঁও মহাবিদ্যালয়ৰ নামত থকা বেদখল হৈ থকা ৭৮ বিঘা মাটি, কলাইগাঁও সাপ্তাহিক বজাৰৰ বেদখল হৈ থকা মাটি আৰু নোৱা নৈ টি-ষ্টেটৰ মাটি বেদখনমুক্ত কৰাৰ দাবীত ২৪ ছেপ্তেম্বৰত আঞ্চলিক ছাত্ৰ সন্থাই বৃহৎ মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। একে সময়তে জিলা ছাত্ৰ সন্থাৰ আহ্বানত পে’ট্ৰল, ডিজেল, ৰন্ধন গেছ তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্য বৃদ্ধিৰ দাবীত ৰূপায়ন হ’ব এই মানৱ শৃংখল কাৰ্যসূচী।সভাত কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক দিশত কেতবোৰ আলোচনা কৰাৰ লগতে অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰত আঞ্চলিক ছাত্ৰ সন্থাই কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি পৰ্যায়ক্ৰমে সেইবোৰ ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অন্ত পৰিল বৃহৎ পতনৰ সৈতে শ্বেয়াৰ বজাৰৰ সপ্তাহ…
- আমেথিৰ সলনি কিয় বাছি ল’লে ৰায়বৰেলী? বিজেপিৰ সমালোচনাৰ মাজতে মুখ খুলিলে ৰাহুল গান্ধীয়ে…
- খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডৰ সৈতে জড়িত গ্ৰেপ্তাৰ ৩ ভাৰতীয় নাগৰিক…
- অসমৰ ১ লাখ ৰাইজক লৈ যাম ৰাম মন্দিৰ দেখুৱাবৰ বাবেঃ মুখ্যমন্ত্ৰী
- কোনোবা কালু, কোনোবা আলু, কোনোবা পাপ্পু! বলীউডৰ পৰিচিত তাৰকাসকলৰ অচিনাকি নাম, ঘৰত কাক, কি বুলি মাতে…
- জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বায়ুসেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ৫গৰাকী জোৱান…
- বহু ৰোগীক দৰব দি কৰিছিল হত্যাঃ মাৰ্কিন নাৰ্চক ৭৬০ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে!
- হাইলাকান্দিত আৰক্ষীৰ জালত প্ৰৱঞ্চক ব্যৱসায়ী আব্দুল ৰজ্জাক…
- ৫০ হাজাৰ চাকৰি ওলাব, ছোৱালীৰ বাবে ১৫ হাজাৰ চাকৰি থাকিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…
- তৃতীয় পর্যায়ৰ নির্বাচনঃ ৫ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা ৭ মে’ৰ সন্ধিয়া ৫ বজালৈকে চাৰি লোকসভা সমষ্টিত ড্রাই ডে’ ঘোষণা…