সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ আহ্বানত আজি বাক্সা জিলা গৰিয়া-মৰিয়া -দেশী জাতীয় পৰিষদৰ আহ্বায়ক সমিতিয়ে জিলা সদৰ মুছলপুৰত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। গৰিয়া-মৰিয়া সকলক ভূমিপুত্ৰ হিচাপে স্বীকৃতি দিয়া, জনগোষ্ঠীয় মৰ্যাদা প্ৰদান, সুকীয়া জৰীপ আৰু চিনাক্ত কৰণ প্ৰক্ৰিয়াৰে জনগোষ্ঠীৰ লোক সকলকৰ হৃত মৰ্যাদা ৰক্ষা কৰা আদি বিভিন্ন দাবীৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে ধৰ্মীয় পৰিচয়ৰ সলনি জনগোষ্ঠীয় পৰিচয় আমাক লাগিবই, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ জিন্দাবাদ, আমাক জনগোষ্ঠীয় মৰ্যাদা প্ৰদান কৰক, ভূমিপুত্ৰ সকল এক হওক আদি শ্ল’গানৰে মুছলপুৰ চহৰ উত্তাল কৰি তোলে। ইয়াৰ পিছত সংগঠনটোৱে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ সংগঠনটোৰ কে’বাটাও দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আজিৰ এই মানৱ শৃংখল কাৰ্যসূচীত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সহঃ সাধাৰণ সম্পাদক জালালুদ্দিন আহমেদ,বাক্সা জিলা সমিতিৰ সভাপতি আজিজুল হক, সাধাৰণ সম্পাদক আতিকুৰ ৰহমানকে ধৰি সংগঠনটোৰ কেবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কেৱল ৰূপতেই একে নহয়;অধ্যয়নৰ দিশতো সম পৰ্যায়ৰ পাৰদৰ্শিতা দুয়ো যমজ ভগ্নীৰ
- পংখী সন্দিকৈ হত্যাকাণ্ডই ন্যায় লাভ কৰিবনে ?
- বজালী, বাক্সা আৰু তামুলপুৰত জলসম্পদ বিভাগৰ নিৰ্মীয়মান মথাউৰি আৰু সুৰক্ষাৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- মুকালমুৱাৰ ৩নং কান্ধবাৰীত দুই ভাতৃৰ মাজৰ ভূমি বিবাদৰ চৰম পৰিণতি…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ ! অসমৰ সম্পদ পল্লৱ প্ৰাণ শাণ্ডিল্যই নাপালে কৰ্ম সংস্থাপন…
- সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…
- ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘কেৰিয়াৰ হাতপুথি’ত কি কি তথ্য আছে জানক…
- অধ্যাপক, বিশিষ্ট বিজ্ঞানী, অসম পেট্ৰকেমিকেলচৰ অৱসৰপ্ৰাপ্ত কাৰ্য্যবাহী সঞ্চালক ড° মহেন্দ্ৰ বৰগোহাঞিৰ দেহাৱসান…
- বঙাইগাঁৱত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি বৰপেটা লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ মন্তব্য…
- ভগৱান কৃষ্ণৰ জন্ম আৰু কংসৰ অত্যাচাৰ…