Breaking

ওদালগুৰিত যুবক-যুবতী আৰু শিক্ষাৰ্থীৰ প্ৰতিবাদ।

0 2,018

বিটিআৰ ৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ উল্টাপানীত অসম আৰক্ষী দ্বাৰা সংঘতিত এনকাউন্টাৰৰ ঘটনাৰ প্ৰতিবাদ অব্যহত থকাৰ সময়ত ওদালগুৰি চহৰ নলবাৰী খেলপথাৰত  ২‍১ ছেপ্টম্বৰ মঙ্গলবাৰে উক্ত ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ঘটনাৰ ন্যায়ৰ উচিত তদন্ত বিছাৰি  ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলৰ যুবক-যুবতি তথা শিক্ষাৰ্থী সকলৰ উপস্থিতিত দিনৰ ১০ বজাৰ প্ৰতিবাদ  কাৰ্য্যসুচী ৰূপায়ন কৰে । প্ৰতিবাদী সকলে হাতে-হাতে প্লে-কাৰ্ড আমাক ন্যায় লাগে, ভুবা এনকাউন্টাৰ বন্ধ কৰক, অসম চৰকাৰ-বিটিআৰ চৰকাৰ হায়-হায়, অসম আৰক্ষী গ বেক আদি শ্লাগান দিয়ে। সাংবাদিকৰ  আগত কয় যে, এনকাউন্টৰৰ নামত অসম আৰক্ষীযে নিৰিহ লোকৰ ওপৰত অত্যাচাৰ কৰিছে। বিটিআৰ অঞ্চলত বড়ো লোক সকলৰ নিৰাপত্তা নোহোৱা হৈ পৰিছে। এই ক্ষেত্ৰত কেন্দ্ৰ-ৰাজ্য-বিটিআৰ চৰকাৰ ব্যবস্থা কৰিব লাগে। মাত্ৰ কেইদিন মান আগতে কোকৰাঝাৰ জিলাৰ দুই যুবকক ইবিএল  সংগঠনৰ নামত হত্যা কৰিছে।  সাধাৰণ গাড়ী দুৰ্ঘটনাৰ বাবে আটক কৰাৰ পিছত নিশা  উগ্ৰপন্থীৰ নামত হত্যা কৰাটো আমি মানি লব পৰা নাই। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে এক নিৰপেক্ষ তদন্ত কৰি দোষী ব্যক্তি উপযুক্ত শাস্ত ব্যবস্থা কৰিব লাগে বুলি তেওঁলোকে কয়। আনহাতে ভুবা এনকাউন্টাৰত নিহত যুবক জৌশ্ৰাং মোচাহাৰী আৰু জনক কুমাৰ বহ্ম ৰ পৰিয়ালাক উচিত ক্ষতিপুৰণ ব্যবস্থা কৰিবলৈ কয়। বড়ো যুবক-যুবতি সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী কৰে। প্ৰতিবাদী স্থলীত আৰক্ষী লোক সষ্টম হৈ থাকে। প্ৰতিবাদী সকলে সমদল উলিয়াবলৈ চেষ্টা কৰিছিল যদিও প্ৰসাসনৰ অনুমতি অবিহনে সমদল কৰিবলৈ বাধা প্ৰদান কৰি খেল পথাৰ খনতে প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন কৰিবলৈ দিয়ে। প্ৰতিবাদী সকলে জিলা উপযুক্ত গৰাকীৰ জৰিয়তে দেশৰ গৃহ মন্ত্ৰি গৰাকী আৰু ৰাজ্যৰ মূখ্য-মন্ত্ৰিলৈ উপৰুক্ত দাবী সন্মিলিত এক স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে।

Leave A Reply