নৱৈ দশকত বিপ্লৱী গীত গাই খলকণি সৃষ্টি কৰা চাবুৱা দিনজয় গাঁৱৰ কণ্ঠশিল্পী ঝণা দিহিঙ্গীয়াৰ সদ্য পাহাৰী মন নামৰ দৃশ্য- শ্ৰাব্য গীতটি আজি আনুষ্ঠানিক ভাৱে চাবুৱাত উন্মোচন কৰা হয়। অজিত গগৈ আৰু বজ্ৰধৰ গগৈৰ কথা, ঝণা-ৰবীন, ভাস্কৰ নীলিম গগৈ, অচিন্ত ফুকনৰ সুৰ, ভাস্কৰ নীলিম গগৈৰ শব্দ আৰু সংগীত পৰিচালনা কৰা দৃশ্য শ্ৰাব্য’ গীতটি আজি উন্মোচন কৰে চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই। চাবুৱা এন ই ই ইন্সটিটিউটৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা আৰু উক্ত ইন্সটিটিউটৰ অধ্যক্ষ প্ৰশান্ত নেওগ আৰু হিৰোজ দত্তই আঁতধৰা উক্ত উন্মোচনী সভাখনত সাহিত্যিক গুণেশ্বৰ সোণোৱালে প্ৰথমে এগছি বন্তি প্ৰজ্বলন কৰে। উক্ত অনুষ্ঠানত চাবুৱা শাখা সাহিত্য সভাৰ সভাপতি ভাগ্যেশ্বৰ গগৈ, শিশুবন্ধু কুলেন দাস, মটক স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিমল বৰুৱা, চাবুৱা ডায়েটৰ প্ৰবক্তা ভূপেন দাস, অৱসৰপ্ৰাপ্ত শিক্ষক লাচিত মাউত, গোলোক বৰপাত্ৰগোঁহাই, শিক্ষক দিগন্ত বৰুৱা, বদন বৰুৱা, মনোজ দিহিঙ্গীয়াকে ধৰি বহু গন্যমান্য ব্যক্তি উপস্থিত থাকে আৰু বক্তব্য আগবঢ়ায়। উল্লেখ্য যে পাহাৰী মন গীতত ঝৰ্ণা দিহিঙ্গীয়াৰ লগত সহশিল্পী হিচাপে কণ্ঠ নিগৰাইছে সুস্মিতা তৃষ্ণা দাসে। আনহাতে গীতটিৰ অভিনেতা-অভিনেত্ৰী সকল হ’ল গুঞ্জন ভৰদ্বাজ, নন্দিতা বৰশইকীয়া আৰু কাশ্মীৰি বৰুৱা দিহিঙ্গীয়া । অপৰূপ সৌন্দৰ্য্যৰ অধিকাৰী অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত দৃশ্যগ্ৰহণ কৰা গীতটো ইউটিউবৰ পাৰ্থ মেচৰ চেনেলটোত উপলব্ধ হ’ব।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰূপালী পৰ্দাত কি অভিনয় কৰিব কৰিশ্মাই !
- জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…
- আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা…
- চতুৰ্থ ফেডাৰেচন কাপ ৰোল বল চেম্পিয়নশ্বিপৰ বাবে পুৰুষ –মহিলাৰ ৰাজ্যিক দল ঘোষণা…
- কোকৰাঝাৰত কোনে মাৰিব শেষ হাঁহি ! বিশাল নিৰ্বাচনী সভাৰ সলনি ঘৰে ঘৰে গৈ প্ৰচাৰত নামিছে নিৰ্দলীয় জোন দাসে…
- প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন…
- অসমীয়া অভিধান ‘হেমকোষ’ ৰ প্ৰণেতা, আধুনিক অসমীয়া গদ্যৰ বাটকটীয়া, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস পালন…
- অসম সন্তান প্ৰসেনজিৎ শৰ্মাৰ অভিনৱ উদ্ভাৱন ! কৃষিখণ্ডত বিপ্লৱৰ লক্ষ্যৰে কৃত্ৰিম বুদ্ধিমত্তাৰ এপ নিৰ্মাণ , দেশৰ ১২টা ৰাজ্যিক ভাষাত উপলব্ধ এই এপ…
- জীতেন কোঁৱৰলৈ” শ্ৰমিক প্ৰাণ ২০২৪” বঁটা প্ৰদান উদ্যোগিক প্ৰতিষ্ঠান শ্ৰমিক সন্থাৰ অসমৰ…
- যৌন কেলেংকাৰীৰ অভিযোগত উত্তাল কৰ্ণাটক ! নিলম্বিত কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাক…