দৰঙৰ দলগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং চিকন মাটি গাঁৱৰ আব্দুল কৰিমৰ পুত্ৰ জয়নাল আব্দিনৰ ভূমি বলপূৰ্বক ভাৱে বেদখল কৰে ভূ মাফিয়া ৰূপী দালালে । জানিব পৰা মতে ১৯৭০ চনত জৰীপৰ সময়ত জয়নাল আব্দিনৰ ককা দেউতাই ৩৬ নং ম্যাদী পট্ৰাৰ ১৯ নং দাগৰ পৰা তেওঁক ১০ বিঘা মাটি প্ৰদান কৰে আৰু খুড়া আব্দুল গফুৰক প্ৰদান কৰে ৫ বিঘা ৪ কঠা ১৯ লোচা মাটি । আব্দুল গফুৰে ৩ বিঘা মাটি বিক্ৰী কৰে । বাকী ২ বিঘা ৪ কঠা ১৯ লোচা মাটি ১৯৭৮ চনত জয়নাল আব্দিনৰ পেহীয়ে ভূৱা নামজাৰি কৰি বিক্ৰী কৰে । অভিযোগ অনুসৰি , গাওঁ খনৰ নুৰ জামাল তথা জয়নাল আব্দিনৰ পেহীৰ পুত্ৰ ছাজাহান আলী দলগাওঁ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দালাল হোৱা হেতুকে মাতৃ বেগমা খাতুনৰ নামত পুনৰ ভূৱা নামজাৰি কৰে আৰু ছাজাহান আলীয়ে জয়নাল আব্দিনৰ নামত চিভিল গোচৰ কৰে । উক্ত গোচৰৰ ভিত্তিত আদালতে দুয়ো পক্ষকে সেই মাটিত যাবলৈ বাধা প্ৰদান কৰে । চিভিল গোচৰ চলি থকাৰ মাজতে প্ৰায় ১ বছৰ পূৰ্বে নুৰ জামানৰ তিনি পুত্ৰ ছাজাহান আলী , মোছাৰফ হুছেইন আৰু মতিউৰ ৰহমানে গুণ্ডা বাহিনী লৈ নিশাৰ আন্ধাৰত ঘৰ নিৰ্মাণ কৰি বেদখল কৰে জয়নাল আব্দিনৰ দুই বিঘা মাটি । উক্ত মাটি বেদখল মুক্ত কৰিবলৈ দলগাওঁ আৰক্ষী থানাত এখন এজেহাৰ দাখিল কৰে জয়নাল আব্দিনে । উক্ত এজেহাৰৰ ভিত্তিত দলগাওঁ আৰক্ষীয়ে ঘৰ ভাঙিবলৈ নিৰ্দেশ দিয়ে যদিও ঘৰ ভঙাৰ পৰিৱৰ্তে পুনৰ দুখন ঘৰ নিৰ্মাণ কৰে । মোছাৰফ হুছেইন গাওঁৰক্ষী বাহিনীৰ সম্পাদক হোৱা বাবে আজিও উক্ত মাটি বেদখল কৰি খেতি বাতি কৰি আছে ছাজাহান আলীয়ে । উক্ত মাটিত গ’লে পৰিস্থিতি বেয়া হ’ব বুলি ভাবুকি প্ৰদান কৰি আহিছে যদিও যোৱা কালি সাংবাদিক লৈ উপস্থিত হয় জয়নাল আব্দিন । সাংবাদিক লৈ যোৱাৰ বাবে জয়নাল আব্দিনৰ পৰিয়ালক মাৰপিট কৰিবলৈ হাতে হাতে গছৰ ডাল লৈ খেদি যায় বেদখলকাৰী পৰিয়ালটোৱে । উল্লেখ্য যে মাটিৰ দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে । আনৰ মাটি মাতৃৰ নামত ভূৱা নামজাৰি কৰি বেদখল কৰা দলগাঁৱৰ চিকনমাটিৰ দালাল ছাজাহান আলীক গ্ৰেপ্তাৰ কৰিবলৈ সাহস কৰিব নে দলগাওঁ আৰক্ষীয়ে ? নে ভাতৃ গাওঁৰক্ষী বাহিনীৰ সম্পাদক তথা থানাৰ দেৱানী হোৱাৰ সুযোগত বাচি যাব ? সঠিক তদন্তৰ জৰিয়তে উক্ত মাটি খিনি বেদখল মুক্ত কৰিবলৈ জিলা প্ৰশাসনৰ ওচৰত কাতৰ আহ্বান জনাইছে ভোক্তভোগী জয়নাল আব্দিনে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ২০ মে’ত দেশত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন ! পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ…
- দুশ বছৰীয়া পুৰণি মুগাৰ সাঁজ, হাতত গামখাৰু, গামোচা; খোপাত কপৌফুল গুজি ৰেড কাৰ্পেটত অভিনেত্ৰী আইমী বৰুৱা…
- কাছাৰত ১০৫ কোটি টকাৰ হেৰ’ইন জব্দ ! আৰক্ষীৰ অভিযানৰ ফটোৰে কাছাৰ আৰক্ষীক সামাজিক মাধ্যমত প্রশংসা মুখ্যমন্ত্ৰীৰ…
- গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্তক নলাত জাবৰ পেলোৱাত বাধা দিয়াৰ বাবেই আক্ৰমণ…
- ভগৱান শ্ৰীকৃষ্ণৰ পৰা জীৱন যাপনৰ কিছু কলা শিকি লওক, প্ৰতিটো ক্ষেত্ৰতে লাভ কৰিব সফলতা…
- সাৱধান! খালী পেটেৰে দিনটোলৈ ঘৰৰ পৰা বাহিৰলৈ যায় নেকি? সোনকালে হ’ব পাৰে ৰুগীয়া…
- জেআাইচি ইন্টাৰনেচলেন মেঘা ইভেন মহিলা সমিতিৰ কাপোৰৰ মেলা অনুষ্ঠিত…
- অনুৰাগী অবাকঃ ভঙা হাতেৰে কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ ঐশ্বৰ্য ৰায় বচ্চনৰ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক গৌতম দাস…
- বিজেপিৰ হৈ সেৱা কৰিব বুলি মিছা কৈছিল আনন্দ মিশ্ৰইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…