একাত্ম মানৱতাবাদ আৰু অন্ত্যোদয়ৰ প্ৰণেতা, মহান ৰাষ্ট্ৰবাদী তথা কুশল সংগঠক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকী । এই মহান ব্যক্তি গৰাকীৰ জন্মবাৰ্ষিকী উপলক্ষে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ নিৰ্দেশ অনুসৰি আজি ৰাজ্যৰ প্ৰতিটো বুথত তেখেতৰ জন্মদিন উদযাপন কাৰ্যসূচী পালন কৰা হয় । সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাতো পালন কৰা হৈছে পণ্ডিত দীন দয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকী । সেইমৰ্মে নলবাৰী সমষ্টিৰ ৮ নং পঞ্চায়তৰ অন্তৰ্গত ২৩৬ নং বুথত অনুষ্ঠিত কৰা অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই নিজা বুথত উপস্থিত থাকি মহান ৰাষ্ট্ৰবাদী তথা কুশল সংগঠক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকী পালন কৰাৰ লগতে অনুষ্ঠানটোত উপস্থিত ৰাইজক বিধায়ক গৰাকীয়ে সম্বোধন জনাই । একাত্ম মানৱতাবাদ আৰু অন্ত্যোদয়ৰ প্ৰণেতা, মহান ৰাষ্ট্ৰবাদী তথা কুশল সংগঠক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ জনসংঘৰ দিনৰে পৰা ভাৰতীয় জনতা পাৰ্টি দলটোৱে এক ৰাষ্ট্ৰবাদী আদৰ্শৰে দেশ সেৱাৰ হকে কাম কৰি আহিছে বুলি মন্তব্য প্ৰকাশ কৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই । উল্লেখ্য যে, আলোক মল্ল বুজৰবৰুৱাই আঁত ধৰা এই অনুষ্ঠানটোত ভাৰতীয় জনতা পাৰ্টি পূব নলবাৰী মণ্ডলৰ সভাপতি প্ৰতুল কলিতা, বুথ সভাপতি নিভাৰাণী কলিতা সহ প্ৰমুখ্যে বুথৰ আন আন কাৰ্যকৰ্তা সকল উপস্থিত থাকে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কাছাৰত ১০৫ কোটি টকাৰ হেৰ’ইন জব্দ ! আৰক্ষীৰ অভিযানৰ ফটোৰে কাছাৰ আৰক্ষীক সামাজিক মাধ্যমত প্রশংসা মুখ্যমন্ত্ৰীৰ…
- গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্তক নলাত জাবৰ পেলোৱাত বাধা দিয়াৰ বাবেই আক্ৰমণ…
- ভগৱান শ্ৰীকৃষ্ণৰ পৰা জীৱন যাপনৰ কিছু কলা শিকি লওক, প্ৰতিটো ক্ষেত্ৰতে লাভ কৰিব সফলতা…
- সাৱধান! খালী পেটেৰে দিনটোলৈ ঘৰৰ পৰা বাহিৰলৈ যায় নেকি? সোনকালে হ’ব পাৰে ৰুগীয়া…
- জেআাইচি ইন্টাৰনেচলেন মেঘা ইভেন মহিলা সমিতিৰ কাপোৰৰ মেলা অনুষ্ঠিত…
- অনুৰাগী অবাকঃ ভঙা হাতেৰে কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ ঐশ্বৰ্য ৰায় বচ্চনৰ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক গৌতম দাস…
- বিজেপিৰ হৈ সেৱা কৰিব বুলি মিছা কৈছিল আনন্দ মিশ্ৰইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…
- কেন্দ্ৰীয় খাদ্য সুৰক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা ! ফল পকোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব কেলচিয়াম কাৰ্বাইড…
- ঢেকীয়াজুলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত…